Begin typing your search above and press return to search.

বায়োমেডিকেল টেকনিচিয়ানৰ বাবে টাটা মেমোৰিয়েলৰ প্ৰতিষ্ঠানৰ আবেদন আহ্বান

এডভান্সড চেণ্টাৰ ফৰ ট্ৰিটমেণ্ট, ৰিছাৰ্চ এণ্ড এডুকেচন ইন কেন্সাৰে বায়োমেডিকেল টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বায়োমেডিকেল টেকনিচিয়ানৰ বাবে টাটা মেমোৰিয়েলৰ প্ৰতিষ্ঠানৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Nov 2021 11:48 AM GMT

এডভান্সড চেণ্টাৰ ফৰ ট্ৰীটমেণ্ট, ৰিছাৰ্চ এণ্ড এডুকেশ্বন ইন কেন্সাৰ হৈছে টাটা মেমোৰিয়েল চেণ্টাৰৰ গৱেষণা আৰু উন্নয়নৰ এটা খণ্ড।


এই অনুষ্ঠান খাৰঘৰ, নবী মুম্বাইৰ সহ্যদাৰী পাহাৰ অঞ্চলত অৱস্থিত। এডভান্সড চেণ্টাৰ ফৰ ট্ৰিটমেণ্ট, ৰিছাৰ্চ এণ্ড এডুকেচন ইন কেন্সাৰে বায়োমেডিকেল টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ নাম : বায়মেডিকেল টেকনিচিয়ান

দৰমহা : মাহিলী ২০,৪০০ - ৩০,০০০/- টকা।

বয়স : ২০ - ৩০ বছৰ

নিযুক্তিৰ স্থান : ভাৰতৰ যিকোনো স্থানত ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৫/১১/২০২১।

সময়সীমা : ৬মাহ

শিক্ষাগত অৰ্হতা : বায়োমেডিকেল অভিযান্ত্ৰিক বিভাগত ডিপ্লোমা বা চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্ৰনিক্স/ ইনষ্ট্ৰুমেণ্টেচন অভিযান্ত্ৰিক ডিগ্ৰী। প্ৰতিষ্ঠিত চিকিৎসালয়ত ১বছৰীয়া অভিজ্ঞতা। চিকিৎসাৰ সা - সৰঞ্জামসমূহৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আৰু কম্পিউটাৰত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ সহ ১৫/১১/২০২১তাৰিখে, সোমবাৰে অনুষ্ঠিত হ'বলগীয়া ৱাক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

সাক্ষাতকাৰৰ ঠিকনা : 3rd floor, Meeting Room II, Khanolkar Shodhika,

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি