বেংক অৱ বৰোডাত জীৱিকা অভিকৰ্তা নিৰীক্ষকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
বেংক অৱ বৰোডাত জীৱিকা অভিকৰ্তা নিৰীক্ষকৰ পদখালী
Published on: 

বেংক অৱ বৰোডাত  জীৱিকা অভিকৰ্তা নিৰীক্ষকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।  ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : বিজনেছ অভিকৰ্তা নিৰক্ষক (Business Correspondent Supervisor)। 

খালী পদৰ সংখ্যা : ০২টা

বয়স : ২১ - ৪৫বছৰ

এই পদত ইতিমধ্যে কৰ্মৰত সকলৰ বাবে অধিকতম বয়স ৬৫বছৰ।

দৰমহা : ১৫,০০০/- টকা - ২৫,০০০/- টকা, মাহিলী

ৱেবছাইট : bankofbaroda.in

আবেদনৰ অন্তিম তাৰিখ : ০৭/১১/২০২১

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ প্ৰাৰ্থী কম্পিউটাৰ জ্ঞান (M.S.Excel, email, internet etc) সহ গ্ৰেজুৱেট শিৱ লাগিব। M.Sc. (IT)/ BE (IT)/ MCA/MBA ডিগ্ৰীধাৰী সকলক প্ৰাধান্য দিয়া হ'ব।

• যিকোনো PSU বেংকৰ পৰা অৱসৰ প্ৰাপ্ত বেংক বিষয়া, মুখ্য প্ৰবন্ধকৰ পদলৈকে উত্তীৰ্ণ সকলক এই পদত নিযুক্তি দিয়া হ'ব। অৱসৰপ্ৰাপ্ত প্ৰাৰ্থী সকলৰ গ্ৰামীণ বেংকত ৩বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীসকলে নিজ আবেদন পত্ৰ দ্ৰুত ডাক/ পঞ্জীয়ন ডাক/ কুৰিয়াৰ বা নিজ হাতে নিম্নোক্ত  ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : আঞ্চলিক প্ৰবন্ধক বেংক অফ বৰোডা, আঞ্চলিক কাৰ্যালয় গুৱাহাটী, জি. এচ. পথ, ভঙাগড়, গুৱাহাটী, ৭৮১০০৫

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com