বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰত পদখালী

বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰে বিভিন্ন বিষয়ত অতিথি অধ্যাপক (Guest faculty)- নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰত পদখালী
Published on

ইচ্ছ্যুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিশদ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

পদৰ নাম : অতিথি অধ্যাপক ৷

পদ : ৩২ ( অ-সংৰক্ষিত )

অসমীয়া - ০৩, ইংৰাজী - ০১, বড়ো - ০২, অৰ্থনীতি - ০২, বুৰঞ্জী - ০২, সমাজ বিজ্ঞান - ০১, গণিত বিজ্ঞান - ০১, কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা - ০২, পৰিচালনা অধ্যয়ন - ০৪, ৰসায়ন বিজ্ঞান - ০৩, পদাৰ্থ বিজ্ঞান - ০২, উদ্ভিদ বিজ্ঞান - ০৩, প্ৰাণী বিজ্ঞান - ০১, বাণিজ্য - ০১, শিক্ষা - ০৩, ভূগোল - ০১

ঠিকনা : কোকৰাঝাৰ, অসম

অন্তিম তাৰিখ : ২৫/৮/২০২১

বয়সৰ সীমা : ৩৮ বছৰ

অৰ্হতা : • এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫৫% নম্বৰেৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হ'ব লাগিব।

• প্রাৰ্থীয়ে নেচনেল এলিজিবিলিটী টেষ্ট (NET), নতুবা SLET/ SET নতুবা কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথি-পত্ৰৰ প্ৰতিলিপিসহ নিজৰ আবেদন পত্ৰ এটি খামত ভৰাই ২৫ আগষ্ট, ২০২১ তাৰিখৰ আবেলি ৩বজাৰ আগত পোৱাকৈ "পঞ্জীয়ক,বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ, পিন : ৭৮৩৩৭০ পঠাব লাগিব। মনত ৰাখিব যে নথিপত্ৰসমূহত নিজৰ স্বাক্ষৰ কৰিব আৰু খামৰ ওপৰত আবেদন কৰা পদ আৰু বিষয়ৰ বিষয়ে উল্লেখ কৰিব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com