সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)-ত বিভিন্ন পদত নিযুক্তি
সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদসমূহঃ
১) সহকাৰী এয়াৰক্ৰাফট মেকানিক(সহকাৰী উপ-পৰিদৰ্শক)
খালী পদৰ সংখ্যাঃ ৪০টা।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত সংশ্লিষ্ট শাখাত তিনি বছৰীয়া ডিপ্লমা শিক্ষা গ্ৰহণ কৰা হব লাগিব। অথবা ভাৰতীয় বায়ু সেনাই প্ৰদান কৰা Group "X" ডিপ্লমা থাকিব লাগিব।
কৰ্ম-অভিজ্ঞতাঃ ডিপ্লমা শিক্ষা সমাপ্তিৰ পাছত বিমান সেৱা খণ্ডত সংশ্লিষ্ট শাখাত দুবছৰৰ কৰ্ম-অভিজ্ঞতা বিচৰা হব পাৰে।
দৰমহাঃ মাহিলী ২৯,২০০টকাৰ পৰা ৯২,৩০০টকা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ২৮ বছৰ।
২) সহকাৰী ৰেডিঅ মেকানিক
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত টেলিকমিউনিকেশ্যন বা ইলেক্ট্ৰনিক ইঞ্জিনীয়াৰিঙত তিনি বছৰীয়া ডিপ্লমা শিক্ষা গ্ৰহণ কৰা হব লাগিব। অথবা ভাৰতীয় বায়ু সেনাই প্ৰদান কৰা Group "X" ৰেডিঅ ডিপ্লমা থাকিব লাগিব। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।
৩) কনিষ্টবল(ষ্টোৰ মেন)
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী বিজ্ঞানসহ মেট্ৰিক বা সম পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। কম্পিউটাৰৰ কৰ্মজ্ঞান অথবা বিমান পৰিবহণ খণ্ডত কামৰ অভিজ্ঞতা বিচৰা হব পাৰে।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৭-২০২১।