ভাৰতীয় উদ্ভিদ জৰীপ নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

ভাৰতীয় উদ্ভিদ জৰীপ নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

ভাৰতীয় উদ্ভিদ জৰীপ (ব’টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া)-এ জুনিয়ৰ ৰিচাৰ্ছ ফেল’ (জে আৰ এফ) নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে।

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া( বি এছ আই)-ই জুনিয়ৰ ৰিচাৰ্ছ ফেল' (জে আৰ এফ) নিযুক্তিৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে। এই সম্পৰ্কত অধিক তথ্য তলত পাবঃ

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ নিযুক্তি-২০২২ঃ

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াই জে আৰ এফ নিযুক্তি দিবলৈ লৈছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত পাবঃ 

পদৰ নাম

জুনিয়ৰ ৰিচাৰ্ছ ফেল' (জে আৰ এফ)

খালী পদ

৩৩টা

বয়সৰ সীমা

২৮ বছৰ

দৰমহা

মাহিলী ৩১ হেজাৰ টকাৰ পৰা ৩৫ হেজাৰ টকা

চাকৰিৰ অৱস্থান

সমগ্ৰ ভাৰতত

অন্তিম তাৰিখ

৩১-১০-২০২২

আবেদনৰ মাচুল

অ' বি চি প্ৰাৰ্থীঃ ২০০ টকা ৷ এছ চি-এছ টি/শাৰীৰিকভাৱে অক্ষমৰ প্ৰাৰ্থীঃ ১০০ টকা ৷ অন্যান্য প্ৰাৰ্থীঃ ৪০০ টকা।

শিক্ষাগত অৰ্হতাঃ ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ জাননী অনুসৰি প্ৰাৰ্থীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

বি এছ আইৰ চাকৰিৰ আবেদনৰ নিয়মঃ

আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে ০১-১০-২০২২ৰ পৰা ৩১ অক্টোবৰ, ২০২২লৈকে বি এছ আইৰ ৱেবছাইট bsi.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ বিষয়েঃ

ব'টানিকেল ছাৰ্ভে অৱ ইণ্ডিয়া পশ্চিমবংগৰ কলকাতাত অৱস্থিত। ভাৰত চৰকাৰে ১৮৯০-ৰ ১৩ ফেব্ৰুৱাৰীত বি এছ আই প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠান স্থাপনৰ উদ্দেশ্য হৈছে উদ্ভিদ সম্পৰ্কীয় গৱেষণা, জৰীপ আৰু অধ্যয়ন চলোৱা ৷ লগতে বিপন্ন উদ্ভিদ চিনাক্ত কৰি সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com