Begin typing your search above and press return to search.

ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডত কনিষ্ঠ কাৰ্যবাহীৰ পদ খালী

ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডে কনিষ্ঠ কাৰ্যবাহী (অসামৰিক বিমান পৰিবহণ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডত কনিষ্ঠ কাৰ্যবাহীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2022 10:08 AM GMT

ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডৰ বিষয়েঃ

ভাৰত পেট্ৰোলিয়াম নিগম লিমিটেড হৈছে ভাৰত চৰকাৰৰ মালিকানাধীন এটা তেল আৰু গেছ নিগম। ইয়াৰ মালিকীস্বত্ব ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ হাতত আছে। বি পি চি এলৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। ই কোচি আৰু মুম্বাইত দুটা বৃহত্ শোধনাগাৰ পৰিচালনা কৰে। বি পি চি এল হৈছে ভাৰতৰ দ্বিতীয় বৃহত্ চৰকাৰী তেল নিগম। ২০২১-ৰ ফোৰ্বছৰ তালিকাত এই প্ৰতিষ্ঠানে ৭৯২ ৰেংক লাভ কৰে।

ব্ৰিটিছৰ শাসনৰ সময়ত অসম আৰু বাৰ্মাত তেল-গেছৰ অন্বেষণৰ বাবে ৰেংগুন অইল এণ্ড এক্সপ্লোৰেচন কোম্পানীৰূপে বি পি চি এল প্ৰতিষ্ঠা কৰা হৈছিল। ১৮৮৯-ত দক্ষিণ এছিয়াত তেল আৰু গেছৰ অন্বেষণৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১৯২৮-ত এছিয়াটিক পেট্ৰোলিয়াম কোম্পানী (ভাৰত)-য়ে বাৰ্মা অইল কোম্পানীৰ লগত সহযোগিতা কৰে। এছিয়াটিক পেট্ৰোলিয়াম কোম্পানী ৰয়েল ডাচ্চ, শ্বেল আৰু ৰথচিল্ডছ কোম্পানীৰ যৌথ ব্যৱসায় আছিল।

ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডত নিযুক্তি-২০২২ঃ

ভাৰত পেট্ৰোলিয়াম কৰ্পোৰেচন লিমিটেডে কনিষ্ঠ কাৰ্যবাহী (অসামৰিক বিমান পৰিবহণ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হৈছে।


পদৰ নাম

কনিষ্ঠ কাৰ্যবাহী (অসামৰিক বিমান পৰিবহণ)

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই।

অৱস্থান

ভাৰতৰ যিকোনো স্থানত

দৰমহা

মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ২০ হেজাৰ টকা।

অন্তিম তাৰিখ

২৪/০১/2০২২

বয়স

সৰ্বোচ্চ ৪৫ বছৰ।

আবেদনৰ শেষ তাৰিখ

৭ ফেব্ৰুৱাৰী, ২০২২।

শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

স্বীকতিপ্ৰাপ্ত বিশ্বববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা বা বি ই / বি টেক বা স্নাতক হব লাগিব।

অভিজ্ঞতাঃ

প্ৰাৰ্থীৰ আগশাৰীৰ অসামৰিক বিমান পৰিবহণৰ ইন্ধনৰ ক্ষেত্ৰত ন্যূনতম ৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। মুঠ ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

অহা ৭ ফেব্ৰুৱাৰীলৈকে bharatpetroleum.com-ৰ পৰা আবেদন জনাব পাৰিব।


আৰু চাব পাৰে :বি. পি. এছ. চি. নিযুক্তি ২০২২: সহকাৰী ৰাজহুৱা অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনা বিষয়াৰ খালী পদ



Next Story
চাকৰি