Begin typing your search above and press return to search.

সীমান্ত সুৰক্ষা বাহিনীত বিভিন্ন ধৰণৰ পদ খালী

সীমান্ত সুৰক্ষা বাহিনীত বিভিন্ন ধৰণৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2021 10:47 AM GMT

সীমান্ত সুৰক্ষা বাহিনী ( বি এছ এফ)-ৰ বিষয়েঃ বি এছ এফক বাংলাদেশ আৰু পাকিস্তান সীমান্তত নিয়োগ কৰা হয়। ১৯৬৫ৰ ভাৰত-পাকিস্তান যুদ্ধৰ পৰিপ্ৰেক্ষিতত বি এছ এফ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰতিষ্ঠাৰ দিন হৈছে ১৯৬৫ৰ ১ ডিচেম্বৰ। বি এছ এফ হৈছে ভাৰতৰ প্ৰধান কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীসমূহৰ অন্যতম । যুদ্ধৰ সময়ত বি এছ এফে ভূমিকা পালন কৰি আহিছে। বি এছ এফেই হৈছে একমাত্ৰ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী, যাৰ এটা পূৰ্ণাংগ জল শাখা, বায়ু শাখা আৰু আৰ্টিলেৰী বাহিনী আছে। বি এছ এফ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনৰ সংস্থা।

এই বাহিনীৰ নিজা কেডাৰৰ বিষয়া আছে। কিন্তু ইয়াৰ সঞ্চালক প্ৰধান পদবীত ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)-ৰ বিষয়া নিয়োজিত কৰা হয়। এই পৰম্পৰা বি এছ এফ প্ৰতিষ্ঠাৰ সময়ৰে পৰা চলি আহিছে। প্ৰতিষ্ঠাৰ সময়ত বি এছ এফৰ বেটেলিয়ন মাথোঁ কেইটামানহে আছিল। কিন্তু বৰ্তমানে ইয়াৰ বেটেলিয়নৰ সংখ্যা ১৮৬ টা। বৰ্তমানে ই বিশ্বৰ বৃহত্তম সীমা সুৰক্ষা বাহিনী আৰু ই দেশৰ ভূ-খণ্ড ৰক্ষাত নিয়োজিত।

বি এছ এফে গ্ৰুপ-চিৰ ৭২ টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

এ এছ আই (ড্ৰাফটম্যান, খালী পদৰ সংখ্যাঃ ০১টা। বয়সৰ সীমাঃ ১৮-২৫ বছৰ।

পদৰ নাম

হেড কনিষ্টবল (কাঠমিস্ত্ৰী), খালী পদৰ সংখ্যাঃ ০৪টা। বয়সৰ সীমাঃ ১৮-২৫ বছৰ।

পদৰ নাম

হেড কনিষ্টবল (প্লাম্বাৰ), খালী পদৰ সংখ্যাঃ ০২ টা। বয়সৰ সীমাঃ ১৮-২৫ বছৰ।

পদৰ নাম

কনিষ্টবল (ছিউৱাৰম্যান), খালী পদৰ সংখ্যাঃ ০২ টা। বয়সৰ সীমাঃ ১৮-২৫ বছৰ।

পদৰ নাম

কনিষ্টবল (জেনেৰেটৰ অপাৰেটৰ), খালী পদৰ সংখ্যাঃ ২৪ টা। বয়সৰ সীমাঃ ১৮-২৫ বছৰ।

পদৰ নাম

কনিষ্টবল (জেনেৰেটৰৰ মেকানিক), খালী পদৰ সংখ্যাঃ ২৮ টা, বয়সৰ সীমাঃ ১৮-২৫ বছৰ।

পদৰ নাম

কনিষ্টবল (জেনেৰেটৰৰ মেকানিক), খালী পদৰ সংখ্যাঃ ১১ টা, বয়সৰ সীমাঃ ১৮-২৫ বছৰ।


শিক্ষাগত অৰ্হতা :

এ এছ আই (ড্ৰাফটম্যানঃ মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে আই টি আইৰ পৰা ড্ৰাফটম্যনৰ চাৰ্টিফিকেট থকা হব লাগিব। চিভিল ইঞ্জিনীয়ৰিঙৰ ডিপ্লমা বিচৰা হব পাৰে।

হেড কনিষ্টবল (কাঠমিস্ত্ৰী)ঃ মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে আই টি আইৰ পৰা কাঠমিস্ত্ৰীৰ চাৰ্টিফিকেট থকা হব লাগিব। অথবা প্ৰতিষ্ঠিত সংস্থাত কাঠমিস্ত্ৰীৰ কামৰ ন্যূনতম তিনিবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

হেড কনিষ্টবল (প্লাম্বাৰ)ঃ মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে আই টি আইৰ পৰা প্লাম্বাৰ ট্ৰেডৰ চাৰ্টিফিকেট থকা হব লাগিব। অথবা প্ৰতিষ্ঠিত সংস্থাত পানীৰ পাইপৰ মেৰামতিৰ কামৰ ন্যূনতম তিনিবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

কনিষ্টবল (ছিউৱাৰম্যান)ঃ মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে আই টি আইৰ পৰা চিউৱাৰেজৰ চাৰ্টিফিকেট থকা হব লাগিব।

কনিষ্টবল (জেনেৰেটৰ অপাৰেটৰ)ঃ মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে আই টি আইৰ পৰা ইলেক্ট্ৰিচিয়ান, ৱায়াৰম্যান বা জিজেল মেকানিকৰ চাৰ্টিফিকেট থকা হব লাগিব। অথবা প্ৰতিষ্ঠিত সংস্থাত এনে কামৰ কামৰ ন্যূনতম তিনিবছৰৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদন প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থী সকলে অহা বি এছ এফৰ ৱেবচাইটৰ পৰা আবেদন জনাব পাৰিব।

• ৱেবছাইট স্ক্ৰল ডাউন কৰি এপ্লিকেচন লিংকত ক্লিক কৰিব।

আবেদন সম্পূৰ্ণকৈ পূৰণ কৰিব।

গুৰুত্বপূৰ্ণ তাৰিখঃ

আবেদন গ্ৰহণ আৰম্ভ হোৱাৰ তাৰিখঃ ১৫-১১-২০২১ৰ নিশা ১ বজা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯/১২/২০২১ৰ দিনৰ ১১-৫৯ বজা।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক : কংকান ৰেলৱে নিগম সসীমত শেহতীয়া নিযুক্তি


Next Story
চাকৰি