Begin typing your search above and press return to search.

বি এছ এন এলত আইনী পেচাৰ ঠিকাভিত্তিক যুৱ পেচাদাৰীৰ প্ৰয়োজন

বি এছ এন এলে আইনী পেচাত ঠিকাভিত্তিক যুৱ পেচাদাৰীৰ দুটা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বি এছ এন এলত আইনী পেচাৰ ঠিকাভিত্তিক যুৱ পেচাদাৰীৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jan 2022 11:21 AM GMT

বি এছ এন এলৰ বিষয়েঃ


ভাৰত সঞ্চাৰ নিগম লিমিটেড ( বি এছ এন এল) হৈছে চৰকাৰী মালিকীস্বত্বৰ টেলিকমিউনিকেচন সেৱা যোগানধাৰী প্ৰতিষ্ঠান। বি এছ এন এলৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ভাৰত চৰকাৰে ২০০১-ৰ ১ অক্টোবৰত এই প্ৰতিষ্ঠান গঠন কৰে।

ভাৰতীয় য়োগোযোগ বিত্তীয় সেৱাৰ এজন বিষয়াই বি এছ এন এলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰে। অথবা এই পদত ভাৰতীয় টেলিকমিউনিকেচন সেৱাৰ এজন বিষয়াই কাৰ্যনিৰ্বাহ কৰে। সমগ্ৰ দেশত বি এছ এন এলে মোবাইল ফোন আৰু ইণ্টাৰনেট সেৱা আগবঢ়ায়। ইয়াৰ ভাৰতৰ টেলিকমিউনিকেচনৰ বজাৰত ৫০ শতাংশ শ্বেয়াৰ আছে। ই হৈছে চৰকাৰী মালিকানাধীন চতুৰ্থ বৃহত্ টেলিকম প্ৰতিষ্ঠান।

বি এছ এন এলৰ নিযুক্তি ২০২২ঃ


বি এছ এন এলে আইনী পেচাত ঠিকাভিত্তিক যুৱ পেচাদাৰীৰ দুটা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

আইনী যুৱ পেচাদাৰী ( Young Legal Professionals)।

খালী পদ

২ টা।

দৰমহা

মাহিলী ৭৫ হেজাৰ টকা।

নিযুক্তিৰ স্থান

নতুন দিল্লী।

আবেদনৰ মাছুল

৫০০ টকা। অনলাইনত প্ৰেৰণ কৰিব লাগিব।

দৰমহা

মাহিলী ৭৫ হেজাৰ টকা।

অন্তিম তাৰিখ

৯ ফেব্ৰুৱাৰী, ২০২২।

বয়সৰ সীমা

অনলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখত সৰ্বোচ্চ ৩২ বছৰ।

শিক্ষাগত অৰ্হতা:

১) তিনি বছৰীয়া বা ৫ বছৰীয়া এল এল বি ডিগ্ৰী।

) প্ৰাৰ্থীয়ে ভাৰতৰ বাৰ কাউন্সিলে স্বীকৃতি দিয়া প্ৰতিষ্ঠানৰ পৰা শিক্ষাগ্ৰহণ কৰা হব লাগিব।

৩) ন্যূনতম নম্বৰঃ এল এল বি-ত ন্যূনতম ৬০ শতাংশ নম্বৰ লাভ কৰা হব লাগিব। শিক্ষা সমাপ্তিৰ পাছত প্ৰাৰ্থীৰ তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বিচৰা হব পাৰেঃ

১) ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা এল এল বি গ্ৰহণ কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব ৷

২) পি জি চি এল টি-২০২১ত ভাল স্ক'ৰ থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব ৷


আবেদনৰ নিয়মঃ

অহা ১০ জানুৱাৰী, ২০২২ৰ পৰা ৯ ফেব্ৰুৱাৰী, ২০২২ৰ লৈ https://bsnl.co.in/opencms/bsnl/BSNL/about_us/hrd/jobs.html-ৰ পৰা আবেদন জনাব পাৰিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু চাব পাৰে :IIEST নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলো পদখালী


Next Story
চাকৰি