নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগমত ট্ৰেড এপ্ৰেণ্টিচৰ পদ খালী

ইচ্ছুক প্ৰাৰ্থী সকলে তলত সবিশেষ তথ্য চাব পাৰিব।
নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগমত ট্ৰেড এপ্ৰেণ্টিচৰ পদ খালী

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম (বি ভি এফ চি এল)ঃ ২০০২ৰ ১ এপ্ৰিলত হিন্দুস্তান ফাৰ্টিলাইজাৰ নিগম লিমিটেডৰ পৰা নামৰূপ সাৰ নিগমক আঁতৰোৱা হয়। তেতিয়াৰ পৰা ই ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰূপে জনাজাত হৈ আহিছে। ই অসমৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ-পশ্চিম সীমান্তত দিল্লী নৈৰ পাৰত অৱস্থিত। নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম হৈছে ভাৰতৰ প্ৰথমটো যি নাইট্ৰোজেনযুক্ত সাৰ উত্পাদনৰ বাবে  প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰে। 

প্ৰশিক্ষাৰ্থী অধিনিয়ম ১৯৬১ৰ অধীনত বিভিন্ন বিভাগত  ট্ৰেড প্ৰশিক্ষাৰ্থীৰ নিযুক্তিৰ বাবে পদৰ বিজ্ঞাপন মুকলি কৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে www.apprenticeship.gov.in যোগে অনলাইন আবেদন কৰিব পাৰিব।

নিযুক্তি কৰ্তৃপক্ষ : বি. ভি. এফ. চি. এল. নামৰূপ। 

আবেদন প্ৰক্ৰিয়া : অনলাইন

আবেদনৰ অন্তিম তাৰিখ : ২৪/১১/২০২১।

পদৰ নাম : ব্যৱসায় প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা : ১৭

• ট্ৰেড এপ্ৰেণ্টিচ - ইলেকট্ৰিচিয়ান

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ইলেকট্ৰিচিয়ান)

• ট্ৰেড এপ্ৰেণ্টিচ - ৱায়াৰমেন

খালী পদৰ সংখ্যা : ০১

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ৱায়াৰমেন)

•ট্ৰেড এপ্ৰেণ্টিচ - ফিটাৰ

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ফিটাৰ)

•ট্ৰেড এপ্ৰেণ্টিচ - ইলেক্ট্ৰনিক্স মেকানিক

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ইলেক্ট্ৰনিক্স মেকানিক)

• ট্ৰেড এপ্ৰেণ্টিচ - ড্ৰাফটমেন (মেকানিকেল)

খালী পদৰ সংখ্যা : ০১

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ড্ৰাফটমেন (মেকানিকেল))

•ট্ৰেড এপ্ৰেণ্টিচ - মেকানিক্স

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (মেকানিক্স)

•ট্ৰেড এপ্ৰেণ্টিচ - ৱেল্ডাৰ

খালী পদৰ সংখ্যা : ০২

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ৱেল্ডাৰ)

•ট্ৰেড এপ্ৰেণ্টিচ - ফিটাৰ

খালী পদৰ সংখ্যা : ০৩

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ফিটাৰ)

• ট্ৰেড এপ্ৰেণ্টিচ - ৰেফ্ৰিজেৰাটৰ আৰু এয়াৰ কণ্ডিচনিং মেকানিক

খালী পদৰ সংখ্যা : ০১

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (ৰিফ্ৰিজেৰাটৰ আৰু এয়াৰ কণ্ডিচনিং মেকানিক)

•ট্ৰেড এপ্ৰেণ্টিচ - মেকানিক (ডিজেল)

খালী পদৰ সংখ্যা : ০১

শিক্ষাগত অৰ্হতা : দশম শ্ৰেণী উত্তীৰ্ণ + ITI (মেকানিক ডিজেল )

বয়স : ন্যূনতমঃ ১৮বছৰ আৰু অধিকতম ২৪বছৰ (৩১/০৩/২০২১ৰ মতে)

বয়সৰ ৰেহাই :

• অনুসূচিত জনজাতি/ জাতি : ০৫বছৰ

• অ.বি.চি. : ০৩বছৰ

• বিশেষভাবে সক্ষম : ১০বছৰ

• বিশেষভাবে সক্ষম (অনুসূচিত জনজাতি/ জাতি ) : ১৫বছৰ

•বিশেষভাবে সক্ষম (অ.বি.চি) : ১৩বছৰ

অৰ্হতা : চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা ডিগ্ৰীধাৰী হ'ব লাগিব । নিয়মীয়া পাঠ্যক্ৰমত OBC আৰু জেনেৰেল প্ৰাৰ্থীসকলে ৫০% নম্বৰৰে উত্তীৰ্ণ হ'ব লাগিব । সংৰক্ষিত শ্ৰেণী (SC/ST/PwBD) ৰ ক্ষেত্ৰত ৪৫% নম্বৰ ধাৰ্য কৰা হৈছে ।

বাছনি প্ৰক্ৰিয়া :

• প্ৰাৰ্থীসকলে www.apprenticeship.gov.in দ্বাৰা পঞ্জীয়ন কৰিব লাগিব।

• প্ৰাৰ্থীৰ বাছনিকৰণ দশম শ্ৰেণীৰ সৰ্বমুঠ নম্বৰৰ শতাংশ + সন্মানীয় বিভাগত ITI আৰু ব্যক্তিগত সাক্ষাৎকাৰৰ ওপৰত নিৰ্ধাৰিত কৰা হ'ব।

• প্ৰাৰ্থীয়ে প্ৰি- এম্প্লয়মেণ্ট মেডিকেল ফিটনেছ টেষ্ট পাছ কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থী সকলে www.apprenticeship.gov.in যোগে অনলাইন আবেদন কৰিব পাৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com