Begin typing your search above and press return to search.

চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ডেক)-ত পদ খালী

চি-ডেকে বিভিন্ন পৰ্যায়ৰ প্ৰকল্প অভিযন্তা আৰু প্ৰকল্প সহযোগী নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ডেক)-ত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jan 2022 11:59 AM GMT

চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং( চি ডি এ চি)-ৰ বিষয়েঃ


চি-ডেক হৈছে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ এটা আগশাৰীৰ গৱেষণা আৰু বিকাশ সংস্থা ( আৰ এণ্ড ডি)। এই সংস্থাৰ উদ্দেশ্য হৈছে আই টি, ইলেক্ট্ৰনিকছ আৰু সংলগ্ন খণ্ডত গৱেষণা কৰা। বিভিন্ন সময়ত চি-ডেকৰ বিভিন্ন ক্ষেত্ৰ ওলাইছে। চি-ডেক ১৯৮৮-ত গঠন কৰা হয়। সেই বছৰ আমেৰিকাই ভাৰতক এটা Cray ছুপাৰ কম্পিউটাৰ বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰে। নিউক্লিয় অস্ত্ৰ তৈয়াৰৰ আশংকা কৰি আমেৰিকাই ভাৰতক এই ছুপাৰ কম্পিউটাৰ বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে নিজে ছুপাৰ কম্পিউটাৰ উত্পাদন কৰিবলৈ লয়। এই কৰ্মসূচীৰ অংশস্বৰূপে C-DAC গঠন কৰা হয়। ডঃ বিজয় ভাস্কৰক C-DAC-ৰ সঞ্চালক নিযুক্তি দিয়া হয়। প্ৰথম অৱস্থাত এই প্ৰকল্পক তিনি বছৰৰ বাবে লোৱা হৈছিল। ইয়াৰ বাবে ৩০,০০,০০,০০০ টকাৰ পুঁজি ধাৰ্য কৰা হয়।

চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ডেক)-ত পদ খালীঃ

চি-ডেকে বিভিন্ন পৰ্যায়ৰ প্ৰকল্প অভিযন্তা আৰু প্ৰকল্প সহযোগী নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।


এই বিষয়ে আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

প্ৰকল্প অভিযন্তা আৰু প্ৰকল্প সহযোগী

খালী পদ

১৯ টা।

বয়সৰ সীমা

১৮ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৩৫ বছৰ।

দৰমহা

মাহিলী ৩৪ হেজাৰ টকাৰ পৰা ৪০ হেজাৰ টকা।

চাকৰিৰ স্থান

সমগ্ৰ ভাৰতত।

অন্তিম তাৰিখ

১৮ জানুৱাৰী ২০২২

আবেদন মাচুল

কোনো আবেদন মাচুল নাই

ৱেবছাইটঃ cdac.in

শিক্ষাগত অৰ্হতা:

প্ৰাৰ্থী ন্যূনতম ৬০ শতাংশ নম্বৰসহ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, বি টেক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

অভিজ্ঞতাৰ বিশদঃ

প্ৰকল্প অভিযন্তাৰ ক্ষেত্ৰত প্ৰাৰ্থী Pandas, OpenCV, Scikit-learn, Keras, Tensorflow,Pytorchৰ দৰে প্ৰগ্ৰামিং টুলত কামৰ অভিজ্ঞতা থাকিব লাগিব।

object detection, object segmentation and face recognition projects-ত Computer Vision/ Deep Learning-ৰ অভিজ্ঞতা থাকিব লাগিব। Machine Learning Algorithm K-Means Clustering, K-Nearest Neighbor, XG Boostআদিৰ অভিজ্ঞতা থাকিব লাগিব।

প্ৰকল্প সহযোগীৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ Cloud computing ( বিশেষকৈ Open stack)-ৰ অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰ নেটৱৰ্কিং হাৰ্ডৱোৰৰো অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

cdac.in ৱেবছাইটৰ পৰা অহা ২৮ জানুৱাৰী, ২০২২-লৈ আবেদন জনাব পাৰিব।



আাৰু চাব পাৰে : এইমছ ৰাইবেৰেলীত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী

Next Story
চাকৰি