চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বিশেষজ্ঞ বিষয়াৰ পদ খালী

এই পদসমূহৰ বিষয়ে সবিশেষ তথ্য তলত পাব
চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বিশেষজ্ঞ বিষয়াৰ পদ খালী
Published on: 

চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াই বিশেষজ্ঞ বিষয়া নিযুক্তিৰ বাবে চাকৰিৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰে। 

এই পদসমূহৰ বিষয়ে সবিশেষ তথ্য তলত পাব

পদসমূহঃ 

১) অৰ্থনীতিবিদ, ( সহকাৰী মহা প্ৰৱন্ধক, স্কেল-৫)।

খালী পদৰ সংখ্যাঃ ১টা। 

বয়সৰ সীমা: ৩০-৪৫ বছৰ।  

শিক্ষাগত অৰ্হতা: নিম্নোক্ত কোনো এটা বিষয়ত পি এইচ ডি। 

ক) অৰ্থনীতি।

খ) বেংকিং

গ) বাণিজ্য

ঘ) আৰ্থিক নীতি।

ঙ) ৰাজহুৱা নীতি। 

অভিজ্ঞতা:  কোনো বাণিজ্যিক বেংক বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰাৰ ন্য়ূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

২) আয়কৰ বিষয়াঃ 

খালী পদৰ সংখ্যাঃ ০১টা। 

শিক্ষাগত অৰ্হতাঃ চাৰ্টাৰ্ড একাউণ্টেণ্ট। 

বয়সৰ সীমাঃ ৩৫-৪৫ বছৰ। 

অভিজ্ঞতাঃ শিক্ষা সমাপ্তিৰ পাছত সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।  

ঋণ বিষয়াঃ  SM Scale-III

খালী পদৰ সংখ্যা: ১০টা। ইয়াৰে ১ টা এছ চি, ২ টা অ বি চি, ১ টা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ আৰু ৬ টা অ-সংৰক্ষিত। 

বয়সৰ সীমাঃ ২৬-২৪ বছৰ। 

শিক্ষাগত অৰ্হতা :

চাৰ্টাৰ্ড একাউণ্টেণ্ট /চি এফ এ/এ চি এম এ / অথবা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নিয়মীয়া পাঠ্যক্ৰমৰ  এম বি এ (বিত্ত) হব লাগিব। 

অতিৰিক্ত শিক্ষা: JAIIB & CAIIB। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-১২-২০২১। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com