Begin typing your search above and press return to search.

চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বিভিন্ন পদ খালী

চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াত বিভিন্ন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2021 10:53 AM GMT

চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া হৈছে দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ বেংক।

এই বেংকে কেতবোৰ বিশেষজ্ঞ বিষয়া নিযুক্তিৰ বাবে চাকৰিৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰে।

এই পদসমূহৰ বিষয়ে সবিশেষ তথ্য তলত পাব


পদসমূহঃ

১) অৰ্থনীতিবিদ, ( সহকাৰী মহা প্ৰৱন্ধক, স্কেল-৫)।

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমা: ৩০-৪৫ বছৰ।

শিক্ষাগত অৰ্হতা: নিম্নোক্ত কোনো এটা বিষয়ত পি এইচ ডি।

ক) অৰ্থনীতি।

খ) বেংকিং

গ) বাণিজ্য

ঘ) আৰ্থিক নীতি।

ঙ) ৰাজহুৱা নীতি।

অভিজ্ঞতা: কোনো বাণিজ্যিক বেংক বা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰাৰ ন্য়ূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

২) আয়কৰ বিষয়াঃ

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ চাৰ্টাৰ্ড একাউণ্টেণ্ট।

বয়সৰ সীমাঃ ৩৫-৪৫ বছৰ।

অভিজ্ঞতাঃ শিক্ষা সমাপ্তিৰ পাছত সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


ঋণ বিষয়াঃ SM Scale-III

খালী পদৰ সংখ্যা: ১০টা। ইয়াৰে ১ টা এছ চি, ২ টা অ বি চি, ১ টা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ আৰু ৬ টা অ-সংৰক্ষিত।

বয়সৰ সীমাঃ ২৬-২৪ বছৰ।

শিক্ষাগত অৰ্হতা :

চাৰ্টাৰ্ড একাউণ্টেণ্ট /চি এফ এ/এ চি এম এ / অথবা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নিয়মীয়া পাঠ্যক্ৰমৰ এম বি এ (বিত্ত) হব লাগিব।

অতিৰিক্ত শিক্ষা: JAIIB & CAIIB।


আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-১২-২০২১।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি