ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী নিযুক্তি ২০২২ - মুখ্য কাৰ্য্যবাহী বিষয়াৰ পদখালী
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত মুখ্য কাৰ্য্যবাহী বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে

আই আই টি গুৱাহাটীৰ বিষয়ে জানক :
গুৱাহাটী, অসমত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপনা কৰা হৈছিল ১৯৯৪চনত। গুৱাহাটীত স্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান সমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পদ খালী :
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে বি আই আৰএচিৰ দ্বাৰা পুঁজিপ্ৰাপ্তি এটি প্ৰকল্প "Healthcare Bio- Entrepreneurship Ecosystem Encompassing Biomaterials, Industrial Biotechnology and Diagonstics"ৰ বাবে মুখ্য কাৰ্য্যবাহী বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:
পদৰ নাম | মুখ্য কাৰ্য্যবাহী বিষয়া |
খালী পদ | ০১ |
বয়স | উল্লেখিত নাই |
দৰমহা | ৯০,০০০/- টকা প্ৰতি মাহে |
অন্তিম তাৰিখ | ৩১/১২/২০২১ |
অৱস্থান | গুৱাহাটী, অসম |
আৱেদন প্ৰক্ৰিয়া | অনলাইন |
ইমেইল | bionest@iitgidf.com |
ৱেবছাইট | iiitg.ac.in |
অৰ্হতা সমূহ :
চৰকাৰী নতুবা ব্যক্তিগত খণ্ডত নূন্যতম ০৩বছৰীয়া উদ্যোগী স্থাপনৰ অভিজ্ঞতা থাকিব লাগিব।
প্ৰাৰ্থীৰ উদ্যোগ স্থাপনা আৰু ষ্টাৰ্ট - আপৰ ব্যৱস্থাপনাৰ অভিজ্ঞতা থাকিব লাগিব।
আৱেদন প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা সকলো প্ৰয়োজনীয় নথপত্ৰ সহ ইমেইল যোগে অন্তিম তাৰিখৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব।
ঠিকনা : গৱেষণা আৰু উন্নয়ন খণ্ড, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী - ৭৮১০৩৯, অসম
আৰু পঢ়ক : উপযুক্ত কাৰ্য্যালয় ক্ৰা দাড়ি, অৰুণাচল প্ৰদেশত শেহতীয়া পদ খালী ২০২১