কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত হেড কনিষ্টবলৰ পদখালী

কেন্দ্ৰীয় ওদ্যোগিক সুৰক্ষা বাহিনীয়ে হেড কনিষ্টবল (সাধাৰণ কৰ্তব্য) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত হেড কনিষ্টবলৰ পদখালী

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী ( চি আই এছ এফ)-ৰ বিষয়েঃ 

১৯৮৩ৰ ১৫ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী ( চি আই এছ এফ) প্ৰতিষ্ঠা কৰা হয়। এই বাহিনী হৈছে এটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী। ১৯৬৯ৰ সংসদে এখন আইনৰ জৰিয়তে এই বাহিনী প্ৰতিষ্ঠা কৰে। প্ৰথম অৱস্থাত ইয়াৰ কৰ্মবলৰ সংখ্যা ২,৮০০ আছিল। বৰ্তমানে ইয়াৰ বিষয়া-জোৱানৰ সংখ্যা ১, ৪৮, ৩৭১জন। ২০১৭ৰ এপ্ৰিলত চি আই এছ এফৰ বিষয়া-জোৱানৰ সংখ্যা কেন্দ্ৰীয় চৰকাৰে ১ লাখ ৪৫ হেজাৰৰ পৰা ১ লাখ ৮০ হেজাৰলৈ বৃদ্ধি কৰে। চি আই এছ এফে স্পৰ্শকাতৰ চৰকাৰী গৃহ, দিল্লী মেট্ৰো ৰেল, বিমানকোঠ আদিৰ নিৰাপত্তা দিয়ে। চি আই এছ এফৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ইয়াক কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰে। 

চি আই এছ এফে সমগ্ৰ ভাৰতত ৩০০ ঔদ্যোগিক গোট, চৰকাৰী আন্তঃগাঁথনি প্ৰকল্প আৰু অন্যান্য ক্ষেত্ৰৰ নিৰাপত্তা দিয়ে। 

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত পদখালীঃ 

কেন্দ্ৰীয় ওদ্যোগিক সুৰক্ষা বাহিনীয়ে হেড কনিষ্টবল (সাধাৰণ কৰ্তব্য) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

আগ্ৰহী প্ৰাৰ্থী সকলে তলত উল্লেখ কৰা তথ্যসমূহ চাব পাৰে।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

হেড কনিষ্টবল (সাধাৰণ কৰ্তব্য)। 

খালী পদ

২৯৪টা। 

দৰমহা

পে-মেট্ৰিক্স লেভেল-৪ ( Pay matrix Level-4 ( ২৫, ৫০০ টকাৰ পৰা ৮১,১০০টকা।)

চাকৰিৰ স্থান

সমগ্ৰ ভাৰতত। 

বয়স

০১-০৮-২০২১ত ১৮ ৰ পৰা ২৩ বছৰ। 

বাছনি প্ৰক্ৰিয়া

-

আবেদনৰ মাচুল

১০০ টকা। এছ চি- এছ টি আৰু মহিলা প্ৰাৰ্থীৰ নাই।  

আবেদন গ্ৰহণৰ শেষ তাৰিখ

০৭-০৪-২০২২ৰ সন্ধিয়া ৫ বজা। 

ৱেবছাইট

-

শিক্ষাগত অৰ্হতাঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে খেল, ক্ৰীড়া, এথলেটিক্সত ৰাজ্যিক/ ৰাষ্ট্ৰীয়/ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা হব লাগিব।

আবেদনৰ নিয়মঃ 

নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com