গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পিয়ন-চকীদাৰৰ পদখালী

গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশে সংলগ্ন পিয়ন আৰু নৈশ চকীদাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পিয়ন-চকীদাৰৰ পদখালী
Published on

পদসমূহঃ

সংলগ্ন পিয়ন, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ।

বয়সৰ সীমাঃ ১৮ৰ পৰা ৪৪ বছৰ।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৩৭,৫০০টকা।

নৈশ চকীদাৰঃ

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ।

বয়সৰ সীমাঃ ১৮ৰ পৰা ৪৪ বছৰ।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৩৭,৫০০টকা।

আবেদন গ্ৰহণ শেষ তাৰিখঃ ০৪-০৭-২০২১।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অসম গেজেটৰ নৱম খণ্ডত প্ৰকাশিত ষ্টেণ্ডাৰ্ড ফ'ৰ্মযোগে আবেদন জনাব পাৰিব। আবেদনৰ সৈতে প্ৰাৰ্থীয়ে শেহতীয়াকৈ তোলা চাৰি কপি পাছপোৰ্ট আকাৰৰ ফটো আৰু বয়স, শিক্ষাগত অৰ্হতা আৰু জাতিগত প্ৰমাণপত্ৰৰ কপি জমা দিব লাগিব। প্ৰমাণপত্ৰৰ কপিসমূহ ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা প্ৰত্যায়িত কৰাব লাগিব। আবেদন পত্ৰৰ সৈতে প্ৰাৰ্থীৰ নিজৰ ঠিকনা লিখা এটা লেফাফা গাঁথি দিব লাগিব। এই লেফাফাত ১০ টকা মূল্যৰ ডাকটিকট লগাব লাগিব। আবেদন পত্ৰ "The Chief Judicial Magistrate, Golaghat, PIN 785621, Assam-লৈ প্ৰেৰণ কৰিব লাগিব বা গোলাঘাটৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় চৌহদত ৰখা আবেদন গ্ৰহণ কৰা বক্সত (Drop Box for Applications) জমা দিব লাগিব। আবেদন পত্ৰ অহা ০৪ জুলাইৰ ভিতৰত পাব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com