Begin typing your search above and press return to search.

কোপাৰেটিভ চিটী বেংক লিমিটেড গুৱাহাটীত সহকাৰীৰ পদ খালী

কোপাৰেটিভ চিটী বেংক লিমিটেড গুৱাহাটীয়ে সহাকীৰ নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

কোপাৰেটিভ চিটী বেংক লিমিটেড গুৱাহাটীত  সহকাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Feb 2022 10:51 AM GMT

কোপাৰেটিভ চিটী বেংক লিমিটেড গুৱাহাটীৰ বিষয়ে-

কোপাৰেটিভ চিটী বেংক লিমিটেড গুৱাহাটী অসম কোপাৰেটিভ ছোচাইটীজ আইন, ১৯৪৯-ৰ অধীনত পঞ্জীয়নভুক্ত । ১৯৮১-ত এই কোপাৰেটিভ বেংক স্থাপন কৰা হয়। ইয়াৰ পঞ্জীয়ন নম্বৰ হৈছে G -79/80। দেশৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বেংকক প্ৰদান কৰা অনুজ্ঞাপত্ৰৰ নম্বৰ হৈছেঃ ACD/A.S/280 P ৷ এই বেংকৰ মূল কাৰ্যক্ষেত্ৰ হৈছে গুৱাহাটী ৷ এই বেংকৰ কাৰ্যক্ষেত্ৰ হ'ল গুৱাহাটী ৷ এই বেংকে ব্যক্তি, পেচাদাৰী, চাকৰিয়াল আৰু ব্যৱসায়িক ক্ষুদ্ৰ ঋণ প্ৰদান কৰে ৷ গুৱাহাটীস্থিত নগৰ বেংকৰূপে ঘৰুৱা ব্যৱহৃত সামগ্ৰী ক্ৰয়ৰ বাবে ঋণ প্ৰদান, ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে ঋণো এই বেংকে প্ৰদান কৰে ৷ এই বেংকৰ সুদৰ পৰিমাণ তুলনামূলকভাবে কম ৷

কোপাৰেটিভ চিটী বেংক লিমিটেড গুৱাহাটীৰ নিযুক্তি-২০২২ঃ

কোপাৰেটিভ চিটী বেংক লিমিটেড গুৱাহাটীয়ে সহাকীৰ নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ

এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

সহকাৰী

পদৰ সংখ্যা

১ টা।

আবেদনৰ মাচুল

নাই।

বয়সৰ সীমা

৩১ ডিচেম্বৰ ২০২১-ত ২১-ৰ পৰা ৩৩ বছৰৰ ভিতৰত হব লাগিব।

নিযুক্তিৰ স্থান

গুৱাহাটী।

অন্তিম তাৰিখ

১০ ফেব্ৰুৱাৰী, ২০২২।

ৱেবছাইট

www.ccbguwahati.com


শিক্ষাগত অৰ্হতাঃ

স্বীকতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম স্নাত ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি প্ৰাৰ্থীৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। লগতে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন হৈ থাকিব লাগিব।


আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীসকলে Managing Director, The Cooperative City Bank Ltd., Head office, U. N. Bezbaruah Road, Silpukhuri, Guwahati-3-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি