ভাৰতীয় কয়লা নিগমত মেনেজমেণ্ট ট্ৰেইনীৰ প্ৰয়োজন

ভাৰতীয় কয়লা নিগমে নিম্নোক্ত মেনেজমেণ্ট ট্ৰেইনী পদসমূহত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
ভাৰতীয় কয়লা নিগমত মেনেজমেণ্ট ট্ৰেইনীৰ প্ৰয়োজন
Published on: 

পদসমূহঃ মুঠ পদৰ সংখ্যাঃ ৫৮৮টা। ইয়াৰে ২৫৫ টা মাইনিঙৰ, ১৭৭ টা বৈদ্যুতিকৰ, ১৩৪টা মেকানিকেলৰ, ৫৭টা চিভিলৰ, ১৫ টা ঔদ্যোগিক আৰু ১২ টা ভূ-তত্বৰ ।

দৰমহাঃ মাহিলীঃ ৫০ হেজাৰ টকাৰ পৰা ১,৬০,০০০টকা।

বয়সৰ সীমাঃ ৩০ বছৰ। অৱশ্যে অবিচি(নন-ক্ৰীমিলেয়াৰ) প্ৰাৰ্থীয়ে তিনি বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে পাঁচ বছৰ বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী/ অবিচি/আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত ১১৮০ টকা । কয়লা নিগমৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত আবেদনৰ মাচুল নাই।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট বিষয়ত ন্যূনতম ৬০ শতাংশ নম্বৰসহ বি ই / বি টেক / বি এছ চি. (অভিযান্ত্ৰিক.) হব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com