কটন বিশ্ববিদ্যালয়ত গ্ৰন্থগাৰিক-বৈজ্ঞানিক সহায়কৰ পদখালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব ৷
কটন বিশ্ববিদ্যালয়ত গ্ৰন্থগাৰিক-বৈজ্ঞানিক সহায়কৰ পদখালী

কটন বিশ্ববিদ্যালয়ে গ্ৰন্থগাৰিক আৰু বৈজ্ঞানিক সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদসমূহঃ

গ্ৰন্থগাৰিক ৷

খালী পদৰ সংখ্যাঃ ১টা ৷

দৰমহাঃ ১, ৪৪, ২০০টকাৰ পৰা ২, ১৮, ২০০টকা ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ গ্ৰন্থগাৰ বিজ্ঞান/তথ্য বিজ্ঞান/ডকুমেণ্টেচন ছায়েন্সৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ৷ তদুপৰি কোনো বিশ্ববিদ্যালয়ত ১০বছৰ গ্ৰন্থগাৰিকৰূপে কাৰ্যনিৰ্বাহ কৰা হ'ব লাগিব ৷ নতুবা গ্ৰন্থগাৰ বিজ্ঞানৰ সহকাৰী/সহযোগী অধ্যাপকৰূপে ১০বছৰ কাৰ্যনিৰ্বাহ কৰা হ'ব লাগিব ৷ নাইবা ১০বছৰ কোনো কলেজত গ্ৰন্থগাৰিকৰূপে কাৰ্যনিৰ্বাহ কৰা হ'ব লাগিব ৷

বয়সৰ সীমাঃ ৫৫বছৰৰ তলত ৷

আবেদন প্ৰক্ৰিয়াৰ মাচুলঃ ২০০০ টকা ৷

বৈজ্ঞানিক সহায়ক

খালী পদৰ সংখ্যাঃ দুটা ৷

শিক্ষাগত অৰ্হতা : প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ৷ তদুপৰি চৰকাৰী/অৰ্ধ-চৰকাৰী/ স্বতন্ত্ৰ সংস্থা বা প্ৰতিষ্ঠিত ব্যক্তিগত সংস্থাৰ পৰীক্ষাগাৰত কাম কৰাৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷ লগতে কম্পিউটাৰত কাম কৰিব পাৰিব লাগিব ৷

বয়সৰ সীমাঃ ৩৮ বছৰতকৈ কম হ'ব লাগিব ৷

আবেদন প্ৰক্ৰিয়াৰ মাচুলঃ ১ ০০০ টকা ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com