দক্ষিণ কামৰূপ ছোৱালী কলেজৰ অধ্যক্ষ নিযুক্তি

দক্ষিণ কামৰূপ ছোৱালী কলেজে অধ্যক্ষ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
দক্ষিণ কামৰূপ ছোৱালী কলেজৰ অধ্যক্ষ নিযুক্তি
Published on

দক্ষিণ কামৰূপ ছোৱালী কলেজৰ বিষয়েঃ 

পশ্চিম গুৱাহাটীৰ পৰা গোৱালপাৰালৈকে সমগ্ৰ অঞ্চলটোত দক্ষিণ কামৰূপ ছোৱালী কলেজ হৈছে কেৱল ছোৱালীৰ বাবে থকা একমাত্ৰ উচ্চ-শিক্ষানুষ্ঠান। যোৱা বছৰসমূহত এই শিক্ষানুষ্ঠানে বিদ্যায়তনিক তথা আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰচুৰ উন্নতিসাধন কৰে। এই শিক্ষানুষ্ঠানত ছাত্ৰীৰ বাবে এটা তিনি মহলীয়া ছাত্ৰাবাস নিৰ্মাণ কৰা হৈছে। তদুপৰি এটা দুমহলীয়া প্ৰশাসনিক কাৰ্যালয়ো আছে। লগতে এটা শৈক্ষিক অট্টালিকাও আছে।   

দক্ষিণ কামৰূপ ছোৱালী কলেজৰ নিযুক্তি-২০২২ঃ 

দক্ষিণ কামৰূপ ছোৱালী কলেজে অধ্যক্ষ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

প্ৰাৰ্থীসকলে  পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

অধ্যক্ষ। 

পদৰ সংখ্যা

১টা। 

দৰমহা

উল্লেখ নাই। 

চাকৰিৰ স্থান

মিৰ্জা (কামৰূপ)। 

বয়সৰ সীমা

০১-০১-২০২২-ত সৰ্বোচ্চ ৫৫ বছৰ। 

অন্তিম তাৰিখ

 ১৩ ফেব্ৰুৱাৰী, ২০২২। 

চাকৰিৰ প্ৰকৃতি

স্থায়ী। 

শিক্ষাগত অৰ্হতাঃ 

১) স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী। 

২) সংশ্লিষ্ট বা সংলগ্ন বিষয়ত পি এইচ ডি। 

আবেদনৰ নিয়মঃ 

অহা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ President, Governing Body, Dakshin Kamrup Girls' College, Mirza, Kamrup, Assam – 781125-লৈ আবেদন প্ৰেৰণ কৰিব পাৰিব। আবেদনৰ লগত ৪০০০ টকাৰ ডিমাণ্ড ড্ৰাফট প্ৰেৰণ কৰিব লাগিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com