দাৰ্জিলিং পৌৰসভাত বিভিন্ন ধৰণৰ খালী

দাৰ্জিলিং পৌৰসভাই ডি ই ও আদিৰ ৬ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
দাৰ্জিলিং পৌৰসভাত বিভিন্ন ধৰণৰ খালী

দাৰ্জিলিঙৰ বিষয়েঃ 

দাৰ্জিলিং নামটো তিব্বেতী শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হল বজ্ৰ। লিং শব্দটোৰ অৰ্থ হৈছে ঠাই বা ভূমি।  ১৮৩৫ত দাৰ্জিলিঙৰ নতুন ইতিহাস সূচিত হয়। সেই বছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিং দখল কৰে।  দাৰ্জিলিঙক তেতিয়া ছিকিমৰ অংশৰূপে শাসন কৰা হৈছিল। অৱশ্যে কম সময়ৰ বাবে নেপালৰ সৈতেও শাসন কৰা হৈছিল।  অৱশ্যে দাৰ্জিলিং বা নেপালৰ পুৰণি ইতিহাস পাবলৈ নাই। পূৰ্বে দাৰ্জিলিংক ছিকিমৰ ৰজাই শান কৰিছিল। তেওঁ গোৰ্খাসকলৰ বিৰুদ্ধে অসফল যুদ্ধত লিপ্ত আছিল। ১৭৮০ৰ পৰা গোৰ্খাসকলে ছিকিমত প্ৰৱেশ কৰিবলৈ ধৰে আৰু উনবিংশ শতিকাৰ আৰম্ভণিতে গোৰ্খাসকলে তীষ্টা নৈ-লৈকে আগবাঢ়ি গৈছিল আৰু তেৰাইক নিজৰ ৰাজ্যৰ লগত সংযোগ কৰে।   

গোৰ্খা পাহাৰ পৰিষদ আইন গৃহীত হোৱাৰ পাছত তাৰ জিলা প্ৰশাসনৰ গুৰুত্ব বৃদ্ধি পায়। জিলা প্ৰশাসনে চৰকাৰ আৰু পৰিষদৰ মাজত মূল বিভাগসমূহৰ ক্ষেত্ৰত মধ্যস্ততাকাৰীৰ ভূমিকা পালন কৰি আছে। নিৰ্বাদন, পঞ্চায়ত, আইন-শৃংখলা, ৰাজহ আদি গুৰুত্বপূৰ্ণ কাম আজিও জিলা প্ৰশাসনে চোৱা চিতা কৰে। 

দাৰ্জিলিং পৌৰসভাত পদ খালীঃ 

দাৰ্জিলিং পৌৰসভাই ডি ই ও আদিৰ ৬ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:

পদৰ নাম

প্ৰৱন্ধক (সামাজিক উন্নয়ন আৰু আন্তঃগাঁথনি), প্ৰৱন্ধক (দক্ষতা), কম্যুনিটী অৰ্গেনাইজাৰ, গাণনিক, ডাটা এণ্ট্ৰী অপাৰেটৰ।  

খালী পদৰ সংখ্যা

মুঠ ৬টা। ইয়াৰে এটা প্ৰৱন্ধক (সাঃ উঃ), ১টা প্ৰৱন্ধক (দক্ষতা), ২টা কম্যুনিটী অৰ্গেনাইজাৰ, ১ টা গাণনিক আৰু ১ টা ডাটা এণ্ট্ৰী অপাৰেটৰৰ। 

দৰমহা 

১২ হেজাৰ টকাৰ পৰা ৫০ হেজাৰ টকাৰ ভিতৰত। 

বয়সৰ সীমা 

১৮-ৰ পৰা ৪০ বছৰৰ ভিতৰত। 

আবেদন মাচুল 

তথ্য উপলব্ধ নহয়। 

নিযুক্তিৰ স্থান

দাৰ্জিলিং, পশ্চিমবংগ। 

অন্তিম তাৰিখ 

৩১-১২-২০২১। 

ৱেবছাইট

https://darjeeling.gov.in/

শিক্ষাগত অৰ্হতাঃ 

প্ৰৱন্ধক(সামাজিক উন্নয়ন আৰু আন্ত-গাঁথনি)

সমাজ কৰ্ম / সমাজ শাস্ত্ৰ/ অৰ্থনীতি/ ব্যৱস্থাপনাৰ স্নাতক ডিগ্ৰী। তদুপৰি দৰিদ্ৰতা নিৰ্মূলকৰণৰ কামত ২-৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

প্ৰৱন্ধক (দক্ষতা)

সমাজ কৰ্ম / সমাজ শাস্ত্ৰ/ অৰ্থনীতি/ ব্যৱস্থাপনাৰ স্নাতক ডিগ্ৰী। তদুপৰি দৰিদ্ৰতা নিৰ্মূলকৰণৰ কামত ২-৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

কম্যুনিটী অৰ্গেনাইজাৰ 

দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। তদুপৰি ৩-৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

শিক্ষাগত অৰ্হতা 

পদৰ নাম


গাণনিক 

বাণিজ্যৰ স্নাতক ডিগ্ৰী। কোনো সংস্থাত কাম কৰাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

ডাটা এণ্ট্ৰী অপাৰেটৰ

যিকোনো শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে ন্যূনতম ৬ মাহৰ বেছিক কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লোমা থাকিব লাগিব।  তদুপৰি কমেও ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

আবেদন কৰাৰ প্ৰক্ৰিয়াঃ 

অহা ৩১ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ "Executive Director, Darjeeling Municipality, Darjeeling"-লৈ প্ৰেৰণ কৰিব লাগিব। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com