গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ত লাট মণ্ডলৰ পদ খালী

এই পদৰ সবিশেষ তথা ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছেঃ
গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ত লাট মণ্ডলৰ পদ খালী

গোৱালপাৰা জিলাৰ বিষয়েঃ 

বৰ্তমানৰ গোৱালপাৰা জিলা দুটা মহকুমা ক্ৰমে গোৱালপাৰা সদৰ আৰু উত্তৰ শালমাৰাকলৈ ১৯৮৩-ত গঠন কৰা হয়। এই জিলা পূৰ্বৰ গোৱালাপাৰা জিলাৰ পৰা গঠন কৰা হৈছে। অৱশ্যে ১৯৮৯-ত উত্তৰ শালমাৰা মহকুমাক গোৱালপাৰা জিলাৰ পৰা আঁতৰাই বঙাইগাঁও জিলাৰ লগত সংযোজন কৰা হয়। বৰ্তমানে গোৱালপাৰা জিলা সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। গোৱালপাৰা জিলাই ১,৮২৪ বৰ্গ কিলোমিটাৰ ভূমি আগুৰি আছে। জিলাখনৰ দক্ষিণত মেঘালয়ৰ পশ্চিম আৰু পূব গাৰো পাহাৰ জিলাই, পূবত কামৰূপ জিলা, পশ্চিমত ধুবুৰী জিলা আৰু উত্তৰত ব্ৰহ্মপুত্ৰ নদ অৱস্থিত।  

গোৱালপাৰা জিলা অসমৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ নাম গোৱাল্টিপ্পিয়া অৰ্থাত গোৱালি গাঁও ( গাখীৰ উত্পাদকৰ গাঁও)-ৰ পৰা আহিছে। গোৱালপাৰাৰ ইতিহাস কেইবা শতিকা পুৰণি। চীনা পৰিব্ৰাজক হিউৱেন ছাঙৰ বিৱৰণীত গোৱালপাৰাৰ নাম উল্লেখ আছে। তেওঁৰ বিৱৰণীক ভিত্তি কৰি ছাৰ এডৱাৰ্ড গেইটে ৰজা ভাস্কৰ বৰ্মনৰ ৰাজধানী গোৱালপাৰা জিলা বা কোচ বিহাৰত আছিল বুলি উল্লেখ কৰি গৈছে। 

গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ৰ নিযুক্তি-২০২২ঃ

গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ে লাট মণ্ডল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ সবিশেষ তথা ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছেঃ 

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম 

লাট মণ্ডল।

খালী পদ

২৪টা।

বয়স

২০২১ৰ ১ জানুৱাৰীত ১৮-ৰ পৰা ৪০ বছৰ। অৱশ্যে এছ চি আৰু এছ টি প্ৰাৰ্থীয়ে ৪৫ বছৰলৈ আৰু ও বি চি /এম ও বি চি প্ৰাৰ্থীয়ে ৪৩ বছৰলৈ বয়স ৰেহাই পাব।

দৰমহা

মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০, ৫০০টকা। লগতে ৬,২০০ টকাৰ গ্ৰেড পে। 

অন্তিম তাৰিখ

১২ জানুৱাৰী, ২০২২ৰ দিনৰ ৩ বজালৈ। 

নিযুক্তিৰ স্থান

অসম। 

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতা :


প্ৰাৰ্থী  হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হব লাগিবই।

 RCCC Certificate: প্ৰাৰ্থীৰ গুৱাহাটীৰ দক্ষিণ গাঁওস্থিত অসম জৰীপ আৰু বন্দবস্তি প্ৰশিক্ষণ কেন্দ্ৰ পৰা ৬ মহীয়া আৰ চি চি চি প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰা হব লাগিব।  কম্পিউটাৰৰ জ্ঞান: প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰৰ ৬ মহীয়া ডিপ্লোমা/ চাৰ্টিফিকেট থকা হব লাগিব।

আবেদন প্ৰক্ৰিয়া :

RKG Branch, Office of the Deputy Commissioner, Goalpara, PO: Baladmari, Pin No. : 783121-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com