গাঁও প্ৰধান নিযুক্তিৰ বাবে চৰাইদেউৰ উপায়ুক্তৰ আবেদন আহ্বান

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:
গাঁও প্ৰধান নিযুক্তিৰ বাবে চৰাইদেউৰ উপায়ুক্তৰ আবেদন আহ্বান
Published on

চৰাইদেউ জিলাৰ বিষয়ে জানক ঃ চৰাইদেউ আহোমৰ প্ৰথম ৰাজধানী আছিল। প্ৰথম আহোম স্বৰ্গদেউ ছ্যুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল।  বুৰঞ্জীত চৰাইদেউৱে সদায়ে বিশেষ স্থান অধিকাৰ কৰি আহিছে।  আহোম ভাষাৰ চৰাইদেউ  শব্দটোৰ চে মানে মহানগৰ, ৰাই মানে উজলি উঠা আৰু দেউ মানে পাহাৰ-পৰ্বত। চৰাইদেউ জিলা শিৱসাগৰ জিলাৰে অংশৰে গঠিত হৈছে। চৰকাৰী জাননী নম্বৰঃ No. GAG(B) 27/01/20162-ৰ জৰিয়তে শিৱসাগৰ জিলাৰ পূব প্ৰান্তত চৰাইদেউ জিলা গঠন কৰা হৈছে।  চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ে গাঁওবুঢ়া নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে। 

চৰাইদেউ জিলা উপায়ক্ত কাৰ্যালয়ে ১০টা গাঁও  প্ৰধান পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:

শিক্ষাগত অৰ্হতা
প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দশম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

চাকৰিৰ বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

গাঁও প্ৰধান

খালী পদ

১০ টা,  ইয়াৰে সাপেখাটীৰ তিনিটা, সোণাৰিৰ এটা আৰু মাহমৰাৰ ৬টা। 

বয়স

৩০ বছৰ

দৰমহা

৯,০০০ টকা (প্ৰতি মাহে)। 

স্থান


আবেদনৰ অন্তিম তাৰিখ

০৫-১১-২০২১। 

আবেদন প্ৰক্ৰিয়া




তেওঁ ভাৰতীয় নাগৰিক হব লাগিব আৰু চাকৰি বিচৰা স্থানৰ স্থায়ী বাসিন্দা হব লাগিব। প্ৰাৰ্থী শাৰীৰিক-মানসিককভাবে সুস্থ হব লাগিব। প্ৰাৰ্থীয়ে চৰকাৰক ধন পৰিশোধ কৰিবলৈ থাকিব নালাগিব। প্ৰাৰ্থী চৰকাৰী চাকৰিয়াল হব নালাগিব। 

আবেদন প্ৰক্ৰিয়া: প্ৰাৰ্থীয়ে ষ্টেণ্ডাৰ্ড ফ'ৰ্মৰ জৰিয়তে আবেদন জনাব লাগিব। অহা ৫ নৱেম্বৰৰ ভিতৰত আবেদন পত্ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ শাখাত জমা দিব লাগিব। 

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com