Begin typing your search above and press return to search.

শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ মণ্ডল(গ্ৰেড-৩) নিযুক্তি

ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইনত আবেদন জনাব পাৰিব। এই বিষয়ে তলত সবিশেষ তথ্য পাব

শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ মণ্ডল(গ্ৰেড-৩) নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Dec 2021 9:49 AM GMT

শিৱসাগৰৰ জিলা উপায়ুক্তই মণ্ডল(গ্ৰেড-৩) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই নিযুক্তি শিৱসাগৰ জিলাত হব। ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইনত আবেদন জনাব পাৰিব। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ নামঃ

মণ্ডল (গ্ৰেড-৩)।

খালী পদৰ সংখ্যাঃ ৮টা [এছ চি: ১টা, এছ টি (ভৈয়াম): ১টা, অ-সংৰক্ষিত: ১টা, এছ টি (পাহাৰীয়া)ঃ ৫ টা।

দৰমহা: মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০, ৫০০ টকাৰ লগতে ৬,২০০ টকাৰ গ্ৰেড পে।

অৰ্হতাঃ শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ নিয়মাৱলী অনুসৰি।

বয়সৰ সীমাঃ: ১ জানুৱাৰী, ২০২১-ত ১৮ বছৰতকৈ কম আৰু ৪০ বছৰতকৈ অধিক হব নালাগিব।

বয়স ৰেহাই: এছ চি আৰু এছ টিৰ প্ৰাৰ্থীয়ে ৪৫ বছৰলৈকে আবেদন জনাব পাৰিব। অ বি চি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৪৩ বছৰ।

শিক্ষাগত অৰ্হতাঃ

১) প্ৰাৰ্থী হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হব লাগিবই।

২) গুৱাহাটীৰ দক্ষিণগাঁৱৰ অসম জৰীপ আৰু বন্দবস্তিৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আৰ চি চি চি প্ৰশিক্ষণৰ ম্যাদ থকা চাৰ্টিফিকেট থাকিবই লাগিব।

৩) কোনো প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা ন্যূনতম ৬ মাহৰ কম্পিউটাৰ এপ্লিকেচন ( অসমীয়া আৰু ইংৰাজী দুয়োটা)-ৰ ডিপ্লোমা বা চাৰ্টিফিকেট থাকিব লাগিব।

গুৰুত্বপূৰ্ণ দিনসমূহঃ

অনলাইন আবেদন জমা দিয়াৰ আৰম্ভণীৰ তাৰিখঃ ০৬-১২-২০২১ৰ পুৱা ১০ বজাৰ পৰা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-১২-২০২১।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি