অসমৰ নিয়োগ সঞ্চালকালয়ত দুটা পদ খালী

অসমৰ নিয়োগ সঞ্চালকালয়ত দুটা পদ খালী

অসমৰ নিয়োগ আৰু শিল্পী(ক্ৰাফটমেন) প্ৰশিক্ষণ সঞ্চালকালয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

পদসমূহঃ

বিত্তীয় পৰামৰ্শদাতা, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ একাউণ্টিংসহ বাণিজ্য বা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী। অথবা আই চি এ আইত পঞ্জীয়নভুক্ত চাৰ্টাৰ্ড একাউণ্টেণ্ট হব লাগিব। স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম বি এ বিচৰা হব পাৰে। প্ৰতিষ্ঠিত প্ৰতিষ্ঠান বা উদ্যোগত বিত্তীয় ব্যৱস্থাপনা কামত পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ৩৫হেজাৰ টকা।

এম এছ ডব্লিউ কৰ্মচাৰী, খালী পদৰ সংখ্যাঃ এটা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। প্ৰতিষ্ঠিত প্ৰতিষ্ঠান বা উদ্যোগত ফ্ৰণ্ট অফিচ সহায়কৰূপে কাম কৰাৰ দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ১৫ হেজাৰ টকা।

সাক্ষাতকাৰৰ তাৰিখঃ ২৩-০৬-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৪০ বছৰতকৈ অধিক হব নালাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰৰ ভিত্তিত হব।সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শৈক্ষিক, বয়স আদি অৰ্হতাৰ মূল প্ৰমাণপত্ৰ আনিব লাগিব।

কাৰ্যালয়ৰ ঠিকনাঃ নিয়োগ আৰু ক্ৰাফটমেন প্ৰশিক্ষণ সঞ্চালকালয়, ৰিহাবাৰী, গুৱাহাটী-৮।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com