Begin typing your search above and press return to search.

দিল্লী বিশ্ববিদ্যালয়ত জ্যেষ্ঠ ব্যক্তিগত সহায়ক নিযুক্তি

দিল্লী বিশ্ববিদ্যালয়ে জ্যেষ্ঠ ব্যক্তিগত সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ

দিল্লী বিশ্ববিদ্যালয়ত জ্যেষ্ঠ ব্যক্তিগত সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jan 2022 12:13 PM GMT

দিল্লী বিশ্ববিদ্যালয়ৰ বিষয়েঃ

দিল্লী বিশ্ববিদ্যালয় ১৯২২-ত প্ৰতিষ্ঠা কৰ হয়। এই বিশ্ববিদ্য়ালয় কেন্দ্ৰীয় বিধানসভাই এক আইনযোগে নতুন দিল্লীত প্ৰতিষ্ঠা কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগ ( ইউ জি চি)-এ এই বিশ্ববিদ্যালয়ক উত্কৰ্ষতাৰ কেন্দ্ৰ আখ্যা দিছে। দিল্লী বিশ্ববিদ্যালয় এখন ৰাজহুৱা বিশ্ববিদ্যালয়। কলেজিয়েট বিশ্ববিদ্যালয়ৰূপে দিল্লী বিশ্ববিদ্যালয়ৰ মূল কাৰ্যসমূহ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিভাগসমূহ আৰু ইয়াৰ অধীনৰ কলেজসমূহৰ মাজত ভাগ কৰা হৈছে। প্ৰথম অৱস্থাত এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৫০ গৰাকী আছিল।

বৰ্তমানে দিল্লী বিশ্ববিদ্যালয়ৰ ৮৬টা বিভাগ আছে। ইয়াৰ অধীনত ৭৭ খন কলেজ আছে। দেশৰ উপ-ৰাষ্ট্ৰপতি দিল্লী বিশ্ববিদ্যালয়ৰ আচাৰ্য।


দিল্লী বিশ্ববিদ্যালয়ত নিযুক্তি-২০২২ঃ

দিল্লী বিশ্ববিদ্যালয়ে জ্যেষ্ঠ ব্যক্তিগত সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ



সংগঠনৰ নাম

দিল্লী বিশ্ববিদ্যালয়

পদৰ নাম

জ্যেষ্ঠ ব্যক্তিগত সহায়ক।

খালী পদ

বিভিন্ন

দৰমহা

নিয়ম অনুসৰি

চাকৰিৰ স্থান

দিল্লী, নতুন দিল্লী।

প্ৰয়োগ মোড

অনলাইন বা অফলাইন

ৱেবছাইট

du.ac.in

আবেদন মাচুল

কোনো আবেদন মাচুল নাই।

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

আবেদনৰ শেষ তাৰিখ

১০ জানুৱাৰী, ২০২২।

শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম স্নাতক ডিগ্ৰী।


আবেদনৰ প্ৰক্ৰিয়া:

• প্ৰথমে অফিচিয়েল ৱেবচাইটdu.ac.in চাব

• নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• জেষ্ঠ ব্যক্তিগত সহায়ক পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতাসমূহ পৰ্যবেক্ষণ কৰক

• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাৱে আবেদন প্ৰ-পত্ৰ পূৰণ কৰক।

১০ জানুৱাৰী, ২০২২ ৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰক।



আৰু চাব পাৰে :ৱামুল অসম নিযুক্তি ২০২২: উপ প্ৰৱন্ধক / কাৰ্যবাহী / সহকাৰী পদখালী


:


Next Story
চাকৰি