Begin typing your search above and press return to search.

ডি পি এফ ডি নিযুক্তি ২০২১ - উপ নিৰ্দেশকৰ পদ খালী

ডি পি এফ ডিত উপ নিৰ্দেশকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

ডি পি এফ ডি নিযুক্তি ২০২১ - উপ নিৰ্দেশকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2021 12:28 PM GMT

ডি পি এফ ডি :

খাদ্য মন্ত্ৰালয়ৰ অধীনত ২৯ আগষ্ট ১৯৪৭ত পুনঃ বাৰৰ বাবে নিৰ্মাণ কৰা হয় খাদ্য বিভাগ। উপলব্ধ তথ্য অনুসৰি চেনী আৰু বনস্পতি সঞ্চালকালয় ১৯৪৭চনলৈকে খাদ্য মন্ত্ৰালয়ৰ অধীনৰ এটি অংশ আছিল। ১ ফেব্ৰুৱাৰী ১৯৫১ত, অৰ্থ আৰু প্ৰশাসনৰ দক্ষতাৰ বাবে কৃষি মন্ত্ৰালয়ক সংযুক্ত কৰা হয় খাদ্য মন্ত্ৰালয়ৰ সৈতে যাৰ দ্বাৰা নিয়ান কৰা হয় খাদ্য আৰু কৃষি মন্ত্ৰালয়। কিন্তু পৰবৰ্তী সময়ত অক্টোবৰ ১৯৫৬ত বাঢ়ি হোৱা কামৰ হেঁচাৰ বাবে দুখন ভিন্ন মন্ত্ৰালয়ৰ গাঠনি কৰা হয়, ক্ৰমে খাদ্য মন্ত্ৰালয় আৰু কৃষি মন্ত্ৰালয়, কিন্তু পুনৰ ৩০ ডিচেম্বৰ ১৯৫৮ চনত দুয়োখন মন্ত্ৰালয়ক পুনৰ এবাৰ সংযুক্ত কৰি নিৰ্মাণ কৰা হয় খাদ্য আৰু কৃষি মন্ত্ৰালয়ৰ।

১৯৬০চনত এই মন্ত্ৰালয়ৰ দুটি ভিন্ন বিভাগত বিভক্ত কৰা হয়, খাদ্য বিভাগ আৰু কৃষি বিভাগ। আৰু খাদ্য বিভাগত নিয়োগ কৰা হয় অসামৰিক আৰু মিলিটাৰী প্ৰয়োজনৰ বাবে খাদ্য যোগান ধৰা, আমদানি কৰা খাদ্য সামগ্ৰী সমূহক বিভিন্ন। ৰাজ্যৰ ভাগ কৰি দিয়া, ৰাষ্ট্ৰীয় খাদ্য আঁচনিৰ পৰিকল্পনা আৰু খাদ্য সামগ্ৰীৰ আমদানি আৰু ৰপ্তানিৰ তত্বাৱধান কৰা। চেনী আৰু বনস্পতি সঞ্চালকালয় ৰখা খাদ্য বিভাগৰ অধীনত। আৰু এই বিভাগৰ অধীনত চেনী আৰু বনস্পতি উদ্যোগ সমূহৰ উন্নতিৰ হকে বিভিন্ন আঁচনি গ্ৰহণ কৰা হ'ল।

ডি পি এফ ডি শেহতীয়া পদ খালী :

ডি পি এফ ডি শেহতীয়া ভাৱে উপ নিৰ্দেশকৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

উপ নিৰ্দেশক

খালী পদ

বয়স

ডি পি এফ ডি বিভাগৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীৰ অধিকতম বয়স ৫৬বছৰ হ'ব লাগিব, ২৯/০১/২০২২ৰ মতে।

দৰমহা

১৫,৬০০ - ৩৯,১০০/- টকা, প্ৰীতি মাহে

অৱস্থান

সমগ্ৰ ভাৰততে


শিক্ষাগত অৰ্হতা :

ডি পি এফ ডি অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এন্টম'লজি/ উদ্ভিদ পেথ'লজি/ জৈৱ ৰসায়ন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা :

আগ্ৰহী প্ৰাৰ্থীৰ শিক্ষা/ গৱেষণা/ সম্প্ৰসাৰণ কৰ্মত কৰ্ম অভিজ্ঞতা থাকিব লাগিব। ইয়াৰ লগতে চৰকাৰী সংগঠন আৰু ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয় সমূহত খাদ্য সামগ্ৰীৰ সংৰক্ষণৰ অভিজ্ঞতা থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

এই পদত আৱেদন দাখিল কৰিবলৈ আগ্ৰহী প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত আৱেদন দাখিল কৰিব লাগিব। প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ, সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ, উপভোক্তা এফেয়াৰ মন্ত্ৰালয়, খাদ্য আৰু ৰাজহুৱা বিতৰণ (কক্ষ নং ২৯১), কৃষি বিভাগ, নতুন দিল্লী - ১১০০০১ লৈ অন্তিম তাৰিখ ২৯ জানুৱাৰী ২০২২ৰ পূৰ্বে প্ৰেৰণ কৰিব লাগিব।


আৰু পঢ়ক : ভাৰতীয় ক্ৰিয়া সন্থাত নিযুক্তি ২০২১ - উপ নিৰ্দেশকৰ পদ খালী


Next Story
চাকৰি