Begin typing your search above and press return to search.

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ

এই বিষয়ে তলত অধিক তথ্য পাব

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2021 11:13 AM GMT

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ বিষয়েঃ

ব্ৰিটিছে অসমত স্বাস্থ্য সেৱাৰ পাতনি মেলে। আৰম্ভণীতেই অসমত স্বাস্থ্য সেৱা দুটা ধৰণেৰে ক্ৰমে (১) ৰোগৰ পৰা আৰোগ্য কৰা আৰু (২) ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা কৰাঃ এই দুই ধৰণেৰে পাতনি মেলা হয়। ব্ৰিটিছৰ দিনত স্বাস্থ্য পৰিদৰ্শক প্ৰধানৰ অধীনত অসমত স্বাস্থ্য বিভাগ পৰিচালিত হৈছিল।

ৰোগ প্ৰতিৰোধ শাখাটো ৰাজহুৱা স্বাস্থ্যৰ সঞ্চালকৰ অধীনত পৰিচালিত হৈছিল। এনেদৰে দুজন মুৰব্বী বিষয়াৰ অধীনত ১৯৫৮ লৈকে বিভাগ দুটা চলে।


অসমৰ স্বাস্থ্য় সেৱা সঞ্চালকালয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছেঃ


পদসমূহঃ

গ্ৰেড-৩ (টেকনিকেল)

মুঠ খালী পদৰ সংখ্যাঃ ৯০৭টা। ইয়াৰে : ৩৭৪ টা অংসৰক্ষিত শ্ৰেণীৰ, # ৫৪ টা অনুসূচিত জাতি প্ৰাৰ্থীৰ # ৯০ টা ভৈয়াম অনুসূচিত জনজাতি প্ৰাৰ্থী # ৪৬ টা পাহাৰীয়া জনজাতি প্ৰাৰ্থীৰ, # ২৩০টা অ বি চি / এম অ বি চি প্ৰাৰ্থীৰ # ৩৮ টা বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ, # ৮৫টা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

পদ অনুযায়ী খালী পদঃ # এ এন এমঃ ৩৫৩ টা, # আন্ধাৰ কক্ষৰ সহায়ক: ২টা #গাড়ীচালক: ৭৩টা, # ডায়েটিচিয়ান: ১টা # ই চি জি টেকনিচিয়ান : ৬টা, # ইলেক্ট্ৰিচিয়ান: ১০টা, # আই চি ইউ টেকনিচিয়ান: ৪৭ টা, # পৰীক্ষাগাৰ টেকনিচিয়ান: ৫০ টা # মেডিকেল ৰেকৰ্ড টেকনিচিয়ান: ৪টা, # অ টি টেকনিচিয়ান : ১৪ টা, # অফথালমিক সহায়ক : ৬৭ টা, # ফাৰ্মাচিষ্ট: ৭০ টা # ফাৰ্মাচিষ্ট (আয়ুৰ):৩ টা, # ফিজিওথেৰাপিষ্ট: ১২ টা, # প্লাম্বাৰ: ৬টা, # ৰেডিঅগ্ৰাফাৰ: ২৫ টা, # ষ্টাফ নাৰ্ছ: ১৬৪ টা।


গ্ৰেড-৩ (নন-টেকনিকেল)

খালী পদৰ সংখ্যাঃ ৬২১টা। ইয়াৰে # ২৪১ টা অ-সংৰক্ষিত, # ৩৮ টা অনুসূচিত জাতি প্ৰাৰ্থীৰ, # ৬২ টা ভৈয়াম অনুসূচিত জনজাতি প্ৰাৰ্থীৰ, # ২৮ টা পাহাৰীয়া অনুসূচিত জনজাতি প্ৰাৰ্থীৰ # ১৬৪ টা অ বি চি /এম অ বি চি প্ৰাৰ্থীৰ, # ৩১ টা বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ, # ৫৭ টা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।


চতুৰ্থবৰ্গৰ পদ

মুঠ খালী পদৰ সংখ্যাঃ ১,১৯২টা। ইয়াৰে #৪৭৭টা অংসৰক্ষিত শ্ৰেণীৰ, # ৭১ টা অনুসূচিত জাতি প্ৰাৰ্থীৰ, # ১১৯ টা ভৈয়াম জনজাতিৰ প্ৰাৰ্থীৰ, # ৬০ টা পাহাৰীয়া জনজাতিৰ # ২৯৮ টা অ বি চি / এম অ বি চিৰ প্ৰাৰ্থীৰ, # ৪৮ টা বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ, # ১১৯ টা আৰ্থিকভাবে পিছ পৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে।


কেনেদৰে আবেদন জনাব পাৰেঃ

আগ্ৰহী প্ৰাৰ্থীসকলে স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ ৰিক্ৰুইটমেণ্ট পৰ্টেলৰ পৰাও আবেদন জনাব পাৰে।

প্ৰাৰ্থীসকলে নিম্নোক্ত পদক্ষেপ অনুসৰণ কৰকঃ

. # স্ক্ৰল ডাউন কৰিব । গুৰুত্বপূৰ্ণ ৱেব লিংক চেকচনত ক্লিক কৰিব। . # "Online Application"-ত ক্লিক কৰিব আৰু পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। আবেদন পত্ৰৰ প্ৰিণ্ট-আউট উলিয়াবলৈ নাপাহৰিব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।



Next Story
চাকৰি