Begin typing your search above and press return to search.

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ কাৰ্যবাহী সহকাৰী, কনছালটেণ্টৰ পদ খালী

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে কাৰ্যবাহী সহকাৰী আৰু কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ কাৰ্যবাহী সহকাৰী, কনছালটেণ্টৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Feb 2022 11:05 AM GMT

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ বিষয়েঃ

২০০১-ত মিডিয়া লেব এছিয়াৰূপে ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচন স্থাপন কৰা হয়। ই হৈছে অ-লাভজনৰ গৱেষণা ব্যৱস্থা। ভাৰত চৰকাৰৰ যোগাযোগ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় আৰু এম আই টি মিডিয়া লেবৰ মাজত হোৱা চুক্তি মৰ্মে ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচন স্থাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ লাভসমূহ এছিয়াৰ লগতে সমগ্ৰ বিশ্বৰ লোকক উপভোগৰ সুবিধা কৰি দিয়া।

ৱৰ্ল্ড কম্পিউটাৰ (বহনক্ষম কম্পিউটিং আৰু একচেচ ডিভাইচ)ৰ লেখীয়া প্ৰকল্প সৈতে ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ কাম আৰম্ভ হয়। ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে ৭৫ টা প্ৰকল্পৰ কাম হাতত লৈছে। উন্নয়নৰ পাছতে পাইলট পৰীক্ষণৰ পৰা আৰম্ভ কৰি ডাঙৰ প্ৰকল্পলৈকে বহু কাম কাম ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে কৰিছে। বৰ্তমানে ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে আই টি গৱেষণা একাডেমী আৰু বিশ্বচেৰায়া পি এইচ ডি আঁচনিৰ কাম কৰি আছে।


ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনত নিয়ুক্তি-২০২২ঃ

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে কাৰ্যবাহী সহকাৰী আৰু কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰেঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

কাৰ্যবাহী সহকাৰী আৰু কনছালটেণ্ট।

খালী পদ

১১ টা।

দৰমহা

মাহিলী ৫৭ হেজাৰ টকাৰ পৰা ৮৭ হেজাৰ টকা।

চাকৰিৰ স্থান

দিল্লী- নতুন দিল্লী।

বয়সৰ সীমা

তথ্য উপলব্দ নহয়।

আবেদন মাচুল

নাই।

বাছনি প্ৰক্ৰিয়া

-

অন্তিম তাৰিখ

২২-ফেব্ৰুৱাৰী-২০২২

ৱেবছাইট

dic.gov.in

শিক্ষাগত অৰ্হতাঃ

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা বি ই/ বি টেক, স্নাতক, স্নাতকোত্তৰ, এম বি এ, পি জি ডি এম হব লাগিব।


অভিজ্ঞতাঃ


আৰ্কিটেক্ট কনছালটেণ্টঃ ন্যূনতম ৪ বছৰৰ কৰ্ম-অভিজ্ঞতা।

কনছালটেণ্টঃ ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা।

কাৰ্যবাহী সহকাৰীঃ ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা।


আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২২ ফেব্ৰুৱাৰীলৈকে dic.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।






আৰু চাব পাৰে:এমট্ৰন নিযুক্তি ২০২২ – IT মেনেজাৰৰ খালী পদ


Next Story
চাকৰি