ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনত গৱেষণা সঞ্চালক, গৱেষণা বিজ্ঞানীৰ পদ খালী

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে গৱেষণা সঞ্চালক, মুখ্য গৱেষণা বিজ্ঞানী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনত গৱেষণা সঞ্চালক, গৱেষণা বিজ্ঞানীৰ পদ খালী

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ বিষয়েঃ


২০০১-ত মিডিয়া লেব এছিয়াৰূপে ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচন স্থাপন কৰা হয়। ই হৈছে অ-লাভজনৰ গৱেষণা ব্যৱস্থা। ভাৰত চৰকাৰৰ যোগাযোগ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় আৰু এম আই টি মিডিয়া লেবৰ মাজত হোৱা চুক্তি মৰ্মে ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচন স্থাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ লাভসমূহ এছিয়াৰ লগতে সমগ্ৰ বিশ্বৰ লোকক উপভোগৰ সুবিধা কৰি দিয়া। ৱৰ্ল্ড কম্পিউটাৰ (বহনক্ষম কম্পিউটিং আৰু একচেচ ডিভাইচ)ৰ লেখীয়া প্ৰকল্প সৈতে ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনৰ কাম আৰম্ভ হয়। ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে ৭৫ টা প্ৰকল্পৰ কাম হাতত লৈছে।

উন্নয়নৰ পাছতে পাইলট পৰীক্ষণৰ পৰা আৰম্ভ কৰি ডাঙৰ প্ৰকল্পলৈকে বহু কাম কাম ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে কৰিছে।

বৰ্তমানে ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে আই টি গৱেষণা একাডেমী আৰু বিশ্বচেৰায়া পি এইচ ডি আঁচনিৰ কাম কৰি আছে।

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনত নিয়ুক্তি-২০২২ঃ

ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচনে  গৱেষণা সঞ্চালক, মুখ্য গৱেষণা বিজ্ঞানী  নিযুক্তিৰ বাবে আবেদন বিচাৰিছে । আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰেঃ আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

 এই পদসমূহৰ  বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ 


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

গৱেষণা সঞ্চালক, মুখ্য গৱেষণা বিজ্ঞানী 

পদৰ সংখ্যা

২  টা। 

দৰমহা

মাহিলী ৩৭, ৪০০ টকাৰ পৰা ৬৭ হেজাৰ টকা। 

বয়সৰ সীমা


নিয়ম অনুসৰি। 

নিযুক্তিৰ স্থান

দিল্লী-নতুন দিল্লী। 

অন্তিম তাৰিখ

২০  ফেব্ৰুৱাৰী, ২০২২। 

আবেদনৰ মাচুল 

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতাঃ 

স্বীকতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰ্থী বি ই বা বি টেক, এম ই / এম টেক, এম চি এ,  স্নাতকোত্তৰ, পি এইচ ডি হব লাগিব। 

অভিজ্ঞতাৰ বিশদঃ 

গৱেষণা সঞ্চালকৰ প্ৰাৰ্থীৰ ন্যূনতম ১৬ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

মুখ্য গৱেষণা বিজ্ঞানীৰ প্ৰাৰ্থীৰ ন্যূনতম  ১১ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

অহা ২০ ফেব্ৰুৱাৰীলৈকে dic.gov.in-ৰ পৰা আবেদন জনাব পাৰিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com