Begin typing your search above and press return to search.

হোজাইৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চিৰস্তাদাৰৰ পদখালী

হোজাইৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে নিম্নোক্ত চিৰস্তাদাৰ পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ।

হোজাইৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চিৰস্তাদাৰৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jun 2021 8:37 AM GMT

পদসমূহঃ

চিৰস্তাদাৰ(মুখ্য প্ৰশাসনিক বিষয়া), খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকাৰ লগতে ১৪,৫০০টকাৰ গ্ৰেড পে।

শিক্ষাগত আৰু অন্যান্য অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চিৰস্তাদাৰ বা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত মু্খ্য সহায়কৰূপে ন্যূনতম ৫ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব। অথবা সম-পৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

চিৰস্তাদাৰ(জিলা আৰু সত্ৰ ন্যায়াধীশৰ)

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত আৰু অন্যান্য অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চিৰস্তাদাৰ বা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত মু্খ্য সহায়কৰূপে ন্যূনতম ৫ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব। অথবা সম-পৰ্যায়ৰ পদবীত কাৰ্যনিৰ্বাহ কৰা হব লাগিব ।

চিৰস্তাদাৰ (অসামৰিক আদালত, জ্যেষ্ঠ শাখা)

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত আৰু অন্যান্য অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে জিলা আৰু সত্ৰ ন্যাযাধীশৰ আদালতত ন্যূনতম ৭ বছৰ সেৱা আগবঢ়োৱা হব লাগিব। এই ৭ বছৰৰ সেৱাৰ ৩ বছৰ উচ্চ বৰ্গৰ সহায়ক(ইউ ডি এ)ৰূপে কাৰ্যনিৰ্বাহ কৰা হব লাগিব।

আবেদনৰ প্ৰক্ৰিয়াঃ অফলাইন ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৭-২০২১।

আবেদন জনোৱাৰ প্ৰক্ৰিয়াঃ অৰ্হতা সম্পন্ন ইচ্ছ্যুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ কপিসহ ষ্টেণ্ডাৰ্ড ফ'ৰ্মত আবেদন পত্ৰ অহা ৩ জুলাইৰ ভিতৰত "The Office of District & Sessions Judge, Sankardev Nagar, Hojai, 782442-এই ঠিকনাত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। অথবা হোজাইৰ জিলা সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় চৌহদত ৰখা আবেদন লোৱা বাকচত ('DropBox for Applications) জমা দিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি