কাৰ্বি আংলঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
কাৰ্বি আংলঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত পদখালী
Published on

কাৰ্বি আংলঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত উচ্চ বৰ্গৰ সহায়কৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ আগতে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : উচ্চ বৰ্গৰ সহায়ক। 

পদৰ সংখ্যা : ০৭টা। 

বয়স : বয়সৰ কোনো সীমাবদ্ধতা নাই

দৰমহা : ১৪,০০০ - ৬০,৫০০/- টকা (মাহিলী)। 

অন্তিম তাৰিখ : ১৬/৮/২০২১

ঠিকনা : ডিফু, অসম

অৰ্হতা :

• কাৰ্বি আংলঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত  উচ্চ বৰ্গৰ সহায়কৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী যিকোনো বিষয়ত স্নাতক হ'ব লাগিব।

• LDA ৰ অধীনত ৫বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত আবেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ, পাছপৰ্ট ফটো, অভিজ্ঞতা মানপত্ৰসহ দাখিল কৰিব লাগিব।

ঠিকনা : জিলা আৰু সেশ্যন ন্যায়াধীশ, কাৰ্বি - আংলং, কৃষি কলনী, ডিফু - ৭৮২৪৬০

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com