কামৰূপৰ জিলা আইনসেৱা প্ৰাধিকাৰীত ফ্ৰণ্ট অফিচ সমন্বয়কৰ পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
কামৰূপৰ জিলা আইনসেৱা প্ৰাধিকাৰীত ফ্ৰণ্ট অফিচ সমন্বয়কৰ পদখালী

আমিনগাঁওস্থিত কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰী (ডিএলএছএ)-য়ে ফ্ৰণ্ট অফিচ সমন্বয়ক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদবীৰ নাম-ফ্ৰণ্ট অফিচ সমন্বয়ক ৷

মুঠ খালী পদৰ সংখ্যা-১টা ।

দৰমহা-২০,০০০/- টকা( মাহিলী) ।

ঠিকনা-কামৰূপ, অসম ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ-৫/৯/২০২১ ।

আৱেদন প্ৰক্ৰিয়াঃ মৌখিক সাক্ষাৎকাৰ ।

ৱেবছাইট- http://kamrupamingaonjudiciary.assam.gov.in/

শিক্ষাগত অৰ্হতা/যোগ্যতাঃ-এম.এছ. অফিচৰ দক্ষতা থকা কম্পিউটাৰৰ ছয় মাহৰ ডিপ্লোমা/ প্ৰমাণপত্ৰৰ সৈতে বি.এ/বি.এছ.চি./ বি.কম বা সমতুল্য ডিগ্ৰী ।

আবেদনৰ প্ৰক্ৰিয়া-

আগ্ৰহী প্ৰাৰ্থীসকলক আবেদন কৰিবলৈ ৱাক-ইন-ইণ্টাৰভিউৰ তাৰিখত প্ৰমাণীকৰণ ডেস্কৰ আগত সকলো প্ৰাসঙ্গিক নথিপত্ৰৰ ফটোকপি সংলগ্ন কৰি ষ্টেণ্ডাৰ্ড প্ৰ-পত্ৰত আবেদন দাখিল কৰিব লাগিব। আবেদনত ফোন নম্বৰ আৰু ই-মেইল উল্লেখ কৰাটো বাধ্যতামূলক। প্ৰাৰ্থীসকলে সকলো প্ৰাসঙ্গিক নথিপত্ৰৰ মূল কপি লগত ৰাখিব লাগিব।

ঠিকনা-জিলা আদালত, কামৰূপ, আমিনগাঁও ।

বাছনি প্ৰক্ৰিয়া- সাক্ষাৎকাৰ আধাৰিত হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com