পশ্চিম চিয়াঙৰ জিলা স্বাস্থ্য বিষয়াৰ অধীনত পদ খালী

পশ্চিম চিয়াঙৰ জিলা স্বাস্থ্য বিষয়াই ব্লক ডেটা মেনেজাৰ আৰু কম্যুনিটী মবিলাইজাৰৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পশ্চিম চিয়াঙৰ জিলা স্বাস্থ্য বিষয়াৰ অধীনত পদ খালী

অৰুণাচল প্ৰদেশৰ পশ্চিম চিৰাং জিলাৰ বিষয়েঃ

অৰুণাচল প্ৰদেশৰ পশ্চিম চিৰাং জিলাৰ সদৰ হৈছে আলো। এই স্থান চীন সীমান্তত অৱস্থিত। ইয়াৰ চাৰিসীমাৰ পূবত আছে আৰাৰ চিয়াং আৰু ছিয়াং জিলা। দক্ষিণত আছে লৱাৰ চিয়াং আৰু অসম।  পশ্চিম চিয়াং জিলা হৈছে গালো, মিনীয়ং, বোকাৰ, পালিবো, ৰামোচ, মেম্বা আদি জনজাতি লোকৰ বাসস্থান। এই জিলাত বিভিন্ন গছ-গছনি আৰু প্ৰাণীও পোৱা যায়। 

১৯৫৪ত পশ্চিম চিয়াং জিলা আবৰ পাহাৰ জিলাৰূপে ঘোষিত হৈছিল। তেতিয়া ইয়াক ছিয়াং সীমান্ত মণ্ডল(Siang Frontier Division)-ৰূপে জনা গৈছিল। অৰুণাচল প্ৰদেশ (পুনৰ গঠন) আইন, ১৯৮০ৰ ৩ নম্বৰ ধাৰাৰ অধীনত এজন উপায়ুক্তৰ অধীনত পশ্চিম চিয়াং প্ৰশাসনিক গোট গঠন কৰা হৈছিল।

পশ্চিম চিয়াঙৰ জিলা স্বাস্থ্য বিষয়াৰ অধীনত পদ খালীঃ  

পশ্চিম চিয়াং জিলাৰ জিলা স্বাস্থ্য বিষয়া কাৰ্যালয়ে ব্লক ডেটা মেনেজাৰ আৰু কম্যুনিটী মবিলাইজাৰৰ দুটা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

পদৰ নামঃ 

ব্লক ডেটা মেনেজাৰঃ 

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ১৭ হেজাৰ টকা। 

বয়সৰ সীমাঃ ২১ৰ পৰা ২৮ বছৰ। 

শিক্ষাগত অৰ্হতাঃ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰ এপ্লিকেচনৰ ন্যূনতম এবছৰীয়া ডিপ্লোমা থাকিব লাগিব।

কম্যুনিটী মবিলাইজাৰ

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ১৭ হেজাৰ টকা।

বয়সৰ সীমাঃ ২১ৰ পৰা ২৮ বছৰ।

শিক্ষাগত অৰ্হতাঃ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ছোচিয়েল ৱৰ্কৰ  স্নাতক (BSW)  ডিগ্ৰী বা ছোচিয়েল ছায়েন্স, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, ব্যৱসায়ৰ ডিগ্ৰী থাকিব লাগিব। লগতে কম্পিউটাৰ এপ্লিকেচনৰ ন্যূনতম এবছৰীয়া ডিপ্লমা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীয়ে "DFWO cum CEO Executive Committee, District Health Society (DHS), West Siang District, Aalo, Arunachal Pradesh"লৈ অহা ১৪ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ আবেদন প্ৰেৰণ কৰিব পাৰে। 

সাক্ষাতকাৰ, কম্পিউটাৰ আদি পৰীক্ষাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com