দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত মুখ্য অভিযন্তাৰ পদ খালী
দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডে মুখ্য অভিযন্তা (ৰেলপথ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড : দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড হৈছে এটি কেন্দ্ৰীয় - ৰাজ্যিক ৰাজহুৱা খণ্ডৰ কোম্পানী, যাৰ অধীনত পৰিচালনা কৰা হয় দিল্লী মেট্ৰো সমূহক। এই কোম্পানীৰ অধীনত নিয়ন্ত্ৰণ কৰা হয় ভাৰত তথা বিদেশৰ মেট্ৰো ৰেল, মন'ৰেল আৰু উচ্চ গতিবেগৰ ৰেল সমূহৰ প্ৰকল্প সমূহৰ পৰিকল্পনা আৰু ইয়াৰ ৰূপায়ন কাৰ্যসূচী। দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডে দেশৰ চহৰাঞ্চলৰ পৰিবহণ ব্যৱস্থাক এটা সুকীয়া মাত্ৰা প্ৰদান কৰে। দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডৰ অধীনৰ কাম সমূহক প্ৰধান কৈ বিভক্ত কৰা হয় বিভিন্ন ভাগত - প্ৰকল্প, অপাৰেশ্যন আৰু তত্বাৱধান, পুঁজি, মানৱ সম্পদ আদি। এই ভাগ সমূহ পৰিচালনা কৰে পৰিচালনা সঞ্চালকৰ আদেশ অনুসৰি প্ৰতিটো ভাগৰ অধীনত নিযুক্তি প্ৰদান কৰা সঞ্চালক সকলে।
দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেড প্ৰতিস্থাপন কৰা হৈছিল ১৯৯৫-ৰ ৩মে'ত। এই নিগমৰ প্ৰথম গৰাকী পৰিচালনা সঞ্চালক আছিল ই. শ্ৰীধৰণ। নিজৰ দীৰ্ঘদিনীয়া সেৱাৰ অন্তিম ৩১ ডিচেম্বৰ ২০১১ তাৰিখে শ্ৰীধৰণে, দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত পৰিচালনা সঞ্চালকৰ পদ অৰ্পণ কৰে মঙ্গু সিঙক।
দিল্লী মেট্ৰো ৰেল নিগমৰ অধীনত ৩৮৯ কিলোমিটাৰৰ ৰেলপথ আছে। ইয়াৰ ষ্টেচনৰ সংখ্যা ২৮৫টা। নয়ডা আৰু গ্ৰেটাৰ নয়দাৰ গতে গুৰুগ্ৰামৰ ৰেপিড মেট্ৰোও দিল্লী মেট্ৰো ৰেল অধীনত আছে।
দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডত নিযুক্তি-২০২২ঃ
দিল্লী মেট্ৰো ৰেল কৰ্পৰেচন লিমিটেডে মুখ্য অভিযন্তা (ৰেলপথ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:
পদৰ নাম | মুখ্য অভিযন্তা (ৰেলপথ) |
খালী পদ | ১ টা। |
দৰমহা | মাহিলী ১ লাখ টকাৰ পৰা ২ লাখ ৮০ হেজাৰ টকা। |
চাকৰিৰ স্থান | দিল্লী। |
আবেদন গ্ৰহণৰ শেষ তাৰিখ | ২১ জানুৱাৰী, ২০২২। |
বাছনি প্ৰক্ৰিয়া | সাক্ষাৎকাৰ |
বয়সৰ সীমা | ২০২২ ৰ ১ জানুৱাৰীত সৰ্বোচ্চ ৫৭ বছৰ। |
ৱেবচাইট | delhimetrorail.com0863 |
শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় অথবা বোৰ্ডৰ পৰা চিৱিল ইঞ্জিনীয়াৰিঙৰ বি ই / বি টেক হব লাগিব।
প্ৰথমে অফিচিয়েল ৱেবচাইট delhimetrorail.com লৈ যাওক •
নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আবেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক
• মুখ্য অভিযন্তা পদ তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক
• আবেদন পত্ৰ পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক
• শুদ্ধভাবে আবেদন পূৰণ কৰক
• অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আবেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আবেদন নং সংগ্ৰহ কৰক
আৰু চাব পাৰে :ডি এম এইচ অ' নিযুক্তি ২০২২ - ০৮ গৰাকী কণিষ্ঠ সহকাৰী, টাইপিষ্টৰ পদ খালী