ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নাৰ্ছসহ বিভিন্ন ধৰণৰ পদখালী

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নাৰ্ছসহ বিভিন্ন ধৰণৰ পদখালী

পদসমূহঃ

সহকাৰী অধ্যাপক (এপিডাৰম'লজী এণ্ড বায়'ষ্টেটিষ্টিকছ)

খালী পদৰ সংখ্যাঃ ১টা (অ-সংৰক্ষিত)

শিক্ষাগত অৰ্হতাঃমহামাৰী ৰোগৰ পি এইচ ডি ।

বৈজ্ঞানিক বিষয়া, এছ বি(পৰীক্ষণ সমন্বয়ক)

খালী পদৰ সংখ্যাঃ ৪টা।

শিক্ষাগত অৰ্হতাঃ এম এছ চি/বি এ এম এছ/বি এইচ এম এছ। তদুপৰি ক্লিনিকেল ৰিচাৰ্ছৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। লগতে ক্লিনিকেল ৰিচাৰ্ছত ৩ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

ফাৰ্মাচিষ্ট-বি

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ বি ফাৰ্ম হ'ব লাগিব। লগতে নূন্যতম এবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। অথবা ডি ফাৰ্মসহ নূন্যতম তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

সহকাৰী চিকিত্সা সমাজকৰ্মী

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ এম এছ ডব্লিউ থাকিব লাগিব। তদুপৰি শিক্ষান্তত এবছৰৰ কৰ্ম অভিজ্ঞতা (চিকিত্সা সামাজিক কৰ্মৰ অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ পাব) থাকিব লাগিব।

বৈজ্ঞানিক সহায়ক-বি(ৰেডিঅথেৰাপি)

খালী পদৰ সংখ্যাঃ ৪টা।

শিক্ষাগত অৰ্হতাঃ নূন্যতম ৫০ শতাংশ নম্বৰসহ বি এছ চি(পদাৰ্থ বিজ্ঞান) হ'ব লাগিব। তদুপৰি ৰেডিঅথেৰাপি প্ৰযুক্তিৰ ডিপ্লমা থাকিব লাগিব আৰু আধুনিক ৰেডিঅথেৰাপি প্ৰযুক্তিৰ ন্যূনতম এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। অথবা ৰেডিঅথেৰাপি প্ৰযুক্তিৰ বি এছ চি হ'ব লাগিব।

টেকনিচিয়ান-এ(আই চি ইউ)

খালী পদৰ সংখ্যাঃ ৩টা।

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। তদুপৰি আই চি ইউ বা অ' টি বা ইলেকট্ৰনিকছৰ ডিপ্লমা থাকিব লাগিব। লগতে সংশ্লিষ্ট ক্ষেত্ৰত এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

নাৰ্ছ-এ

খালী পদৰ সংখ্যাঃ ৬৬টা।

শিক্ষাগত অৰ্হতাঃ জেনেৰেল নাৰ্ছিং আৰু মিডৱাইফেৰী হ'ব লাগিব। লগতে অনক'লজী নাৰ্ছিঙৰ ডিপ্লমা আৰু অন্ততঃ ৫০ খন বিছনাযুক্ত এখন হাস্পতালত দুবছৰৰ ক্লিনিকেল কামৰ অভিজ্ঞতা থাকিব লাগিব। অথবা বি এছ চি নাৰ্ছিংসহ নূন্যতম ৫০খন বিছনাযুক্ত এখন হাস্পতালত দুবছৰৰ ক্লিনিকেল অভিজ্ঞতা থাকিব লাগিব।

পৰীক্ষাগাৰ টেকনিচিয়ান-এ

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু মেডিকেল লেব'ৰেটৰী টেকন'লজীৰ এবছৰীয়া/ছমহীয়া ডিপ্লমা থাকিব লাগিব। লগতে এখন ডাঙৰ হাস্পতালৰ এখন পৰীক্ষাগাৰত এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৭-২০২০।

সবিশেষ জানিবলৈ http://www.bbcionline.org/advertisement.php চাওক।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com