Begin typing your search above and press return to search.

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ')-ত জে আৰ এফ নিযুক্তি

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ')-ই কনিষ্ঠ গৱেষণা সভ্য নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ)-ত জে আৰ এফ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jan 2022 10:18 AM GMT


ডি আৰ ডি অ'ৰ বিষয়েঃ

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ') হৈছে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ গৱেষণা আৰু বিকাশ শাখা (R&D wing)। এই সংস্থা স্ফানৰ উদ্দেশ্য হৈছে গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা প্ৰযুক্তি আৰু ব্যৱস্থাত দেশৰ আত্ম-নিৰ্ভৰতা অৰ্জন কৰা। ইয়াৰ বাবে ডি আৰ ডি অ'ই অত্যাধুনিক প্ৰযুক্তিত কাম কৰিবলগীয়া হয়। দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ প্ৰযোজনীয়তা অনুসৰি সামৰিক প্ৰযুক্তিৰ কাম কৰে এই সংস্থাই। প্ৰতিৰক্ষা সঁজুলিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা অৰ্জনৰ বাবে ডি আৰ ডি অ'ই কৰা প্ৰয়াস স্বৰূপে দেশে অগ্নি আৰু পৃথ্বী শ্ৰেণীৰ অত্যাধুনিক ক্ষেপনাস্ত্ৰ, লঘু যুদ্ধ বিমান, তেজাছ, মাল্টি বেৰেল ৰকেট লঞ্চাৰ, পিনাকা, আকাশ, এলানি ৰাডাৰ, ইলেক্ট্ৰনিক যুদ্ধ সঁজুলি আদি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। এইসমূহৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অত্যন্ত শক্তিশালী হৈছে।

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ')-ৰ নিযুক্তি-২০২২ঃ

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ')-ই কনিষ্ঠ গৱেষণা সভ্য নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে সবিশেষ তথ্য তলত পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ)

খালী পদৰ সংখ্যা

১ টা।

বয়সৰ সীমা

সৰ্বোচ্চ ২৮ বছৰ।

দৰমহা

মাহিলী ৩১ হেজাৰ টকা।

চাকৰিৰ স্থান

চেন্নাই (তামিলনাডু) ।

আবেদনৰ অন্তিম তাৰিখ

২৬ জানুৱাৰী, -২০২২।

আবেদনৰ মাচুল

নাই।


ৱেবছাইট

drdo.gov.in


শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰ্থী বি ই / বি টেক/ এম ই / এম টেক কৰা হব লাগিব। স্নাতকোত্তৰ ডিগ্ৰী।

অভিজ্ঞতাঃ Utilizing open Source System-ত প্ৰাৰ্থীৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদন প্ৰক্ৰিয়াঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট drdo.gov.in চাব।

উক্ত ৱেবছাইটৰ Recruitment বা Careers চাব।

আপুনি ৱেবছাইটোত শেহতীয়া পদৰ নিযুক্তিৰ জাননী পাব। সাৱধানেৰে নিৰ্দেশাৱলী পঢ়িব। ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব।

আবেদন পত্ৰ অহা ২৬ জানুৱাৰী, ২০২২ৰ বিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব।

প্ৰাপ্তি টোকা সংগ্ৰহ কৰিবলৈ নাপাব।

আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ


Next Story
চাকৰি