অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ স্নাতকোত্তৰ শিক্ষক নিযুক্তি

মাধ্যমিক শিক্ষা সঞ্চালকালয়ে স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰে
অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ  স্নাতকোত্তৰ শিক্ষক নিযুক্তি

অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ বিষয়েঃ

আৰম্ভণিতে অসমত সকলো ধৰণৰ আনুষ্ঠানিক শিক্ষাক সামৰি ৰাজ্যিক পৰ্যায়ৰ মাথোঁ এটা সঞ্চালকালয় আছিল ৷ এই সঞ্চালকালয়ক ৰাজহুৱা শিক্ষা সঞ্চালকালয় ( ডি পি আই) বুলি জনা গৈছিল ৷ এই সঞ্চালকালয় ১৮৭৪-ত স্থাপন কৰা হয় ৷ পৰৱৰ্তীকালত বিভিন্ন পাঠ্যক্ৰমৰ শিক্ষাৰ ( উদাহৰণস্বৰূপে চিকিৎসা আৰু কাৰিকৰী) বাবে সুকীয়া সঞ্চালকালয় স্থাপন কৰা হয় ৷ ডি পি আয়ে কেৱল সাধাৰণ শাখাৰ শিক্ষাৰহে তত্বাৱধান কৰিবলৈ লয় ৷ ১৯৭৫-ৰ ৫ ছেপ্টেম্বৰত ডি পি আইৰ পৰা প্ৰাথমিক শিক্ষাক সুকীয়া কৰা হয় ৷ ১৯৭৭ৰ ৭ জুলাইত প্ৰাথমিক শিক্ষা সঞ্চালকালয় প্ৰতিষ্ঠা কৰা হয়। তাৰ পাছৰে পৰা ডি পি আয়ে কেৱল মাধ্যমিক আৰু উচ্চ শিক্ষাৰ তত্বাৱধান কৰিবলৈ লয় ৷

১৯৮৫-ৰ ২৯ মাৰ্চত ৰাজ্য চৰকাৰে এক অধিসূচনা ( নম্বৰঃ এ আৰ. ২০/৮৫/১)যোগে মাধ্যমিক শিক্ষাক ডি পি আইৰ পৰা পৃথক কৰে ৷ মাধ্যমিক শিক্ষাৰ বাবে এটা সুকীয়া সঞ্চালকালয় প্ৰতিষ্ঠা কৰা হয় ৷ তেতিয়া ডি পি আইৰ পদবীক উচ্চ শিক্ষা সঞ্চালকৰূপে নামকৰণ কৰা হয় ৷ ১৯৮৫ৰ ২৯ মাৰ্চৰ পৰা বৰ্তমানৰ ৰূপৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে সেৱা আগবঢ়াই আহিছে ৷

অসমৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ নিযুক্তি-২০২২ঃ

মাধ্যমিক শিক্ষা সঞ্চালকালয়ে স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ

 আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

স্নাতকোত্তৰ শিক্ষক। 

খালী পদ 

১৬৯টা। 

দৰমহা 

মাহিলী ২২ হেজাৰ টকাৰ পৰা ৯৯ হেজাৰ টকা। 

চাকৰিৰ স্থান

অসম।

আবেদন মাচুল 

কোনো মাচুল নাই

বাছনি প্ৰক্ৰিয়া 

সাক্ষাৎকাৰ

বয়সৰ সীমা 

২০২১ৰ ১ জানুৱাৰীত ২১-ৰ পৰা ৪৮ বছৰ। 

ৱেবচাইট

madhyamik.assam.gov.in

শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় অথবা বোৰ্ডৰ পৰা ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী। 

বিষয় অনুসৰি খালী পদঃ 

একাউণ্টেন্সীঃ ৪টা।

উচ্চ বাংলাঃ ১টা।

নৃতত্বঃ ২টা। 

অসমীয়াঃ ১৮টা। 

বেংকিংঃ ২টা।

বাংলাঃ ৭টা। 

উদ্ভিদ বিজ্ঞানঃ ৫টা। 

বিজনেছ ষ্টাডিজঃ২টা। 

ৰসায়ন বিজ্ঞানঃ ১০টা। 

অৰ্থনীতিঃ ১০টা। 

শিক্ষাতত্বঃ ৩টা। 

ইংৰাজীঃ ১৬টা। 

ভূগোলঃ ৬৩টা। 

ভূ-তত্বঃ ১০টা। 

হিন্দীঃ ১০টা। 

বুৰঞ্জীঃ ১৩টা। 

গাৰ্হস্থ্য বিজ্ঞানঃ ৪টা। 

তৰ্ক আৰু দৰ্শনঃ ৫টা। 

গণিতঃ ৬টা। 

পদাৰ্থ বিজ্ঞানঃ ১০টা। 

ৰাজনীতি বিজ্ঞানঃ ১১টা। 

ছেলচম্যানশ্বিপঃ ১টা। 

সংস্কৃত ঃ ৬টা। 

সমাজশাস্ত্ৰঃ ১টা। 

পৰিসংখ্যা বিজ্ঞানঃ ১টা। 

প্ৰাণীবিজ্ঞানঃ ১১টা। 

প্ৰথমে অফিচিয়েল ৱেবচাইট madhyamik.assam.gov.in লৈ যাওক •

 নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আবেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

•  পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আবেদন পত্ৰ পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাবে আবেদন পূৰণ কৰক

• অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আবেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আবেদন নং সংগ্ৰহ কৰক

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com