ত্ৰিপুৰাৰ চেপাহিজালাৰ জিলা আৰু ছেছন ন্যায়াধীশৰ কাৰ্যালয়ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
ত্ৰিপুৰাৰ চেপাহিজালাৰ জিলা আৰু ছেছন ন্যায়াধীশৰ কাৰ্যালয়ত পদখালী
Published on: 

ত্ৰিপুৰাৰ চেপাহিজালাৰ জিলা আৰু ছেছন ন্যায়াধীশৰ কাৰ্যালয়ত  খালীপদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ আগতে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদ : অংশকালীন আকস্মিক কৰ্মী ।

পদৰ সংখ্যা : ০২

বয়স : নূন্যতম ১৮বছৰ - অধিকতম ৪০বছৰ ( অনুসূচিত জাতি/ জনজাতি/ বিশেষভাবে সক্ষম সকলৰ বাবে ৫বছৰৰ ৰেহাই।)

দৰমহা : ৫,১৮৭.৫০ টকা, (মাহিলী)।

অন্তিম তাৰিখ : ০৬/১০/২০২১

ঠিকনা : ত্ৰিপুৰা ।

অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। লগতে তেওঁ ত্ৰিপুৰাৰ স্থানীয় বাসিন্দা হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থী সকলক জিলা আৰু সেশ্যন ন্যায়াধীশৰ কাৰ্য্যালয়, চেপাহিজালা জিলা, সনামুৰা, ত্ৰিপুৰাত অনুষ্ঠিত হ'ব লগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

• সাক্ষাৎকাৰৰ বাবে অহা প্ৰাৰ্থীসকল নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আবেদন পত্ৰ ০৬/১০/২০২১ তাৰিখে পুৱা ৯ৰ পৰা ১২ বজালৈকে জমা কৰিব লাগিব।

• প্ৰাৰ্থী সকলে আবেদন পত্ৰ সহ ২খন পাছপৰ্ট ফটো, শিক্ষাগত প্ৰমাণ পত্ৰ, বয়স মানপত্ৰ, জাতীয়তা মানপত্ৰ, PRTC আৰু জাতি মানপত্ৰ জমা কৰিব লাগিব।

• প্ৰাৰ্থী সকলে নিজৰ প্ৰকৃত মাপত্ৰ সমূহ জমা কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• সাক্ষাৎকাৰত উপস্থিত হোৱাৰ বাবে কোনো ধৰণৰ TA/ DA বিনিময় কৰা নহ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com