Begin typing your search above and press return to search.

ইলেকট্ৰনিকছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড (ECIL)ত পদ খালী

ইলেকট্ৰনিকছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডে গ্ৰেজুৱেট এপ্ৰেণ্টিচ আৰু টেকনিচিয়ান এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ইলেকট্ৰনিকছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড (ECIL)ত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2022 11:33 AM GMT

ইলেকট্ৰনিকছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড (ECIL)ৰ বিষয়েঃ

ইলেকট্ৰনিকছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড (ECIL) হৈছে ভাৰত চৰকাৰৰ আণবিক শক্তি বিভাগৰ অধীনত ১৯৬৭ৰ ১১ এপ্ৰিলত হায়দৰাবাদত প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠান স্থাপন কৰে এ এছ ৰাওৱে। দেশত ইলেকট্ৰনিকছৰ ক্ষেত্ৰত থলুৱা এটা শক্তিশালী ভেটি গঢ়াৰ উদ্দেশ্যে এই তেওঁ এই প্ৰতিষ্ঠান স্থাপন কৰে। থলুৱাভবে নিউক্লিয় শক্তি, মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডত গুৰুত্ব আৰোপেৰে এই প্ৰতিষ্ঠানে বহু সামগ্ৰী উত্পাদনৰ কাম কৰে।

তদুপৰি ইলেক্ট্ৰনিক সুৰক্ষা, কমিউনিকেশ্যচনছ, নেটৱৰ্কিং আৰু ই-গৱৰ্ণেন্স আদিতো ECIL-ৰ শক্তিশালী উপস্থিতি আছে। ভাবা পৰমাণু গৱেষণা কেন্দ্ৰ, নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড আৰু ইন্দিৰা গান্ধী চেণ্টাৰ ফৰ এটোমিক ৰিচাৰ্ছ আদিৰ সৈতে ECIL-ৰ অংশীদাৰিত্ব আছে। তদুপৰি ECIL-এলে ইণ্ডিয়ান অৰ্ডনেন্স ফেক্টৰীজ (ডি আৰ ডি ও), মহাকাশ সংস্থা, অসামৰিক বিমান পৰিবহণ, তথ্য আৰু সম্প্ৰচাৰ. দূৰসংযোগ, তেল আৰু গেছ, শক্তি, মহাকাশ শিক্ষা, স্বাস্থ্য, কৃষি, তীখা, কয়লা আদি খণ্ডৰ উদ্যোগক সহায় কৰে।


ইলেকট্ৰনিকছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড (ECIL)ত নিযুক্তিঃ

ইলেকট্ৰনিকছ কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেড (ECIL)-এ গ্ৰেজুৱেট এপ্ৰেণ্টিচ আৰু টেকনিচিয়ান এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদৰ নাম

গ্ৰেজুৱেট এপ্ৰেণ্টিচ আৰু টেকনিচিয়ান এপ্ৰেণ্টিচ

খালী পদ

গ্ৰেজুৱেট এপ্ৰেণ্টিচৰ ১৪৫টা আৰু টেকনিচিয়ান এপ্ৰেণ্টিচৰ ০৫টা।

বয়স

২৫ বছৰ।

দৰমহা

গ্ৰেজুৱেট এপ্ৰেণ্টিচৰ ৯ হেজাৰ টকা আৰু টেকনিচিয়ান এপ্ৰেণ্টিচৰ ৮ হেজাৰ টকা।

অন্তিম তাৰিখ

১৮ জানুৱাৰী,২০২২

অৱস্থান

হায়দৰাবাদ

আবেদন মাচুল

নাই।

চাকৰিৰ প্ৰকাৰ

-

আবেদন দাখিলৰ আৰম্ভণিৰ দিন

১০-০১-২০২২।

শিক্ষাগত অৰ্হতাঃ

২০১৯ৰ ১ এপ্ৰিল বা তাৰ পাছত স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয় বা এ আই চি টি ইউৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা সংশ্লিষ্ট অভিযান্ত্ৰিক শাখাত চাৰিবছৰীয়া বি ই / বি টেক কৰা হব লাগিব। ডিপ্লমা এপ্ৰেণ্টিচৰ ক্ষেত্ৰত ২০১৯-ৰ ১ এপ্ৰিলত বা তাৰ পাছত সংশ্লিষ্ট অভিযান্ত্ৰিক শাখাত ডিপ্লমা গ্ৰহণ কৰা হব লাগিব।

আবেদনৰ নিয়মঃ

প্ৰাৰ্থীসকলে অফিচিয়েল NATS / BOAT-ৰ ৱেবছাইট www.mhrdnats.gov.in-ৰ পৰা আবেদন জনাব পাৰে।

১০/০১/২০২২-ৰ পৰা অনলাইন পঞ্জীয়ন আৰম্ভ হৈছে আৰু ১৮/০১/২০২২লৈকে চলিব।

ম্যাদ থকা ইমেইল আই ডি আৰু ফোন নম্বৰ পঞ্জীয়ন কৰিব।

জেনেৰেটেড আই ডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগ-ইন কৰিব।

আনুসংগিক আৰু শুদ্ধ তথ্যৰে আবেদন পত্ৰ পূৰণ কৰিব।

আবেদন জমা দিব।

আবেদন পত্ৰৰ এটা কপি উলিয়াব।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ আৰু মেধা ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু চাব পাৰে :NEIGRIHMS নিয়োগ ২০২২: বিজ্ঞানী, প্ৰকল্প সহায়ক, টেকনিচিয়ান আৰু DEO খালী পদ


Next Story
চাকৰি