Begin typing your search above and press return to search.

কৰ্মচাৰী ৰাজ্যিক বীমা নিগমত স্পেচিয়েলিষ্ট কেডাৰত নিযুক্তি

এই পদৰ দৰমহা,. অৰ্হতা, বয়স আদিৰ বিষয়ে তলত উল্লেখ কৰা হৈছেঃ

কৰ্মচাৰী ৰাজ্যিক বীমা নিগমত স্পেচিয়েলিষ্ট কেডাৰত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Oct 2021 11:12 AM GMT


কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ বিষয়ে - ভাৰতৰ সংসদে ১৯৪৮ত কৰ্মচাৰী ৰাজ্যিক বীমা আইন ৰূপায়ন কৰে। ই হৈছে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰীভাবে স্বাধীন ভাৰতত গ্ৰহণ কৰা ডাঙৰ পদক্ষেপ। সেইসময়ত দেশত উদ্যোগ-প্ৰতিষ্ঠানসমূহ চালুকীয়া অৱস্থাতে আছিল। আমদানিৰ পৰিমাণ অধিক আছিল। কৰ্মচাৰী ৰাজ্যিক বীমা আইনে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বেমাৰ-আজাৰ, মাতৃত্বকালীন অৱস্থা, স্থায়া বা অস্থায়ী শাৰিৰক বিকলতা আদিৰ ক্ষেত্ৰত সকাহ দিয়ে। এই আইন ৰূপায়নৰ উদ্দেশ্য হৈছে বিত্তীয় সকাহ দিয়া

কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে প্ৰত্যক্ষ নিযুক্তি ভিত্তিত স্পেচিয়েলিষ্ট কেডাৰত নিয়োগৰ বাবে আবেদন বিচাৰিছে। এই পদৰ দৰমহা,. অৰ্হতা, বয়স আদিৰ বিষয়ে তলত উল্লেখ কৰা হৈছেঃ

পদৰ নাম

স্পেচিয়েলিষ্ট-গ্ৰেড-২।

খালী পদ

৪৭ টা

স্থান

সমগ্ৰ ভাৰতত

দৰমহা

প্ৰতি মাহে ৭৮,৮০০/- টকা

আবেদনৰ অন্তিম তাৰিখ

০১/১১/২০২১

বয়স

৪৫ বছৰ

আবেদনৰ নিয়ম

অফলাইন

শিক্ষাগত অৰ্হতা: প্ৰাৰ্থী ভাৰতীয় চিকিত্সা পৰিষদ আইন. ১৯৫৬ৰ তৃতীয় সূচীৰ দ্বিতীয় খণ্ডৰ প্ৰথম বা দ্বিতীয় অনুসূচী অনুসৰি শিক্ষা থাকিব লাগিব। সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। স্নাতকোত্তৰ ডিগ্ৰীৰ পাছত ৫ বছৰৰ কৰ্মঃঅভিজ্ঞতা থাকিব লাগিব।

অসমৰ প্ৰাৰ্থীয়ে Regional Director, ESI Corporation, Panchdeep Bhawan, P.O. Bamuni Maidan, Guwahati-781021, Assam- লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ওপৰত আধাৰিত হ'ব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি