Begin typing your search above and press return to search.

অসমৰ আবকাৰী বিভাগত বহু পদখালী

অসমৰ আবকাৰী বিভাগত খালী হোৱা নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

অসমৰ আবকাৰী বিভাগত বহু পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2020 1:19 PM GMT

পদসমূহঃ

১) সহকাৰী কেমিষ্ট।

খালী পদৰ সংখ্যাঃ ৪টা।

শিক্ষাগত অৰ্হতাঃ ৰসায়ন বিজ্ঞানসহ বি এছ চি। তদুপৰি কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

২) কনিষ্ঠ সহায়ক।

খালী পদৰ সংখ্যাঃ ১২টা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক। তদুপৰি স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লমা বা চাৰ্টিফিকেট থাকিব লাগিব।

৩) গাড়ীচালক।

খালী পদৰ সংখ্যাঃ ২০টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ। তদুপৰি চাৰিচকীয়া গাড়ীচালকৰ ম্যাদ থকা অনুজ্ঞাপত্ৰ থাকিব লাগিব।

বয়সৰ সীমাঃ ১৮ বছৰতকৈ কম আৰু ৪০ বছৰতকৈ অধিক হব নালাগিব। প্ৰাৰ্থীৰ জন্ম ০১-০১-২০০২ত বা তাৰ পূৰ্বে আৰু ০১-০১-১৯৮০ বা তাৰ পাছত হব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।

আবেদনৰ নিয়মঃwww.slprbassam.inৰ জৰিয়তে ১২-০৯-২০২০ৰ পৰা আবেদন জনাব পাৰিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনত নিভিন্ন ধৰণৰ পদখালী

Next Story
চাকৰি