Begin typing your search above and press return to search.

পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংযুক্তকৰণ সসীম (WAMUL), পদখালী

পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংযুক্তকৰণ সসীম, সহকাৰী - I (বিপণন আৰু বিক্ৰী), খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰ জনোৱা হ'ল।

পশ্চিম অসম দুগ্ধ উৎপাদন সমবায় সংযুক্তকৰণ সসীম (WAMUL), পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Sep 2021 9:24 AM GMT

পদৰ বিশদ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : সহকাৰী - I (বিপণন আৰু বিক্ৰী)

খালী পদৰ সংখ্যা : ০১

বয়স : ৩০বছৰ

দৰমহা : ২.৪০লাখ, প্ৰতি বছৰে

ঠিকনা : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ২৩/০৯/২০২১

অৰ্হতা : এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

অভিজ্ঞতা: খাদ্য উৎপাদন উদ্যোগত বিপণন আৰু বিক্ৰী বিভাগত ১ৰ পৰা ৩বছৰ কৰ্মৰত অভিজ্ঞতা থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদৰ বাবে সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰি উপযুক্ত প্ৰাৰ্থী বাছনি কৰা হ'ব। এই সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হব অহা ২৩ ছেপ্টেম্বৰ ২০২১ তাৰিখে, পুৱা ১০ৰ পৰা ১২বজাৰ ভিতৰত। সাক্ষাৎকাৰৰ বাবে প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰৰ সৈতে প্ৰয়োজনীয় নথি পত্ৰ, শিক্ষাগত নথিপত্র, অভিজ্ঞতা মানপত্ৰ, বয়স, পৰিচয় প্ৰমাণপত্ৰ, শেহতীয়া দৰমহা (প্রকৃত আৰু স্বাক্ষৰ যুক্ত প্ৰতিলিপি) আৰু শেহতীয়া পাছপৰ্ট ফটো জমা কৰিব লাগিব।

সাক্ষাৎকাৰৰ অৱস্থান : হোটেল শিৱালি ষ্টেচন ৰোড, বঙাইগাঁও, পিন - ৭৮৩৩৮০, অসম

Next Story
চাকৰি