Begin typing your search above and press return to search.

মিজোৰাম বিশ্ববিদ্যালয়ত, পদখালী

মিজোৰাম বিশ্ববিদ্যালয়ত, পৰিচালনা বিষয়ত অতিথি অধ্যাপক, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। এই পদ সম্পূৰ্ণ ভাৱে অস্থায়ী, যাৰ সময়সীমা ১ছেপ্টেম্বৰ ২০২১ৰ পৰা ৩১ ডিচেম্বৰ ২০২১। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

মিজোৰাম বিশ্ববিদ্যালয়ত, পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-09-10T14:51:29+05:30

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : অতিথি অধ্যাপক

খালী পদৰ সংখ্যা : ০১

দৰমহা : দৰমহা স্তৰ : ১,৩০০টকা, প্ৰতি বক্তৃতাৰ বাবে

৩৬,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : মিজোৰাম, ভাৰত

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৩/০৯/২০২১


শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী মিজোৰাম বিশ্বিদ্যালয়/ UGC নিয়মাৱলী অনুসৰি শিক্ষিত হোৱাটো অনিবাৰ্য।


আবেদন প্ৰক্ৰিয়া :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ অনলাইন যোগে দাখিল কৰিব লাগিব। লগতে সক্ৰিয় ফোন নম্বৰ আৰু ই- মেইল যোগ কৰিব লাগিব।

• আবেদনত প্ৰাৰ্থীয়ে নিজৰ স্বাক্ষৰ কৰিব লাগিব, লগতে সংযুক্ত নথি পত্ৰ সমূহো স্বাক্ষৰ যুক্ত হ'ব লাগিব।

• নিজৰ সম্পূৰ্ণ আবেদন উল্লেখিত মেইল যোগে প্ৰেওঁ কৰিব লাগিব।

মেইল : amitmzu@mzu.edu.in

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• সাক্ষাৎকাৰৰ তাৰিখ অতি সোনকালে ধাৰ্য্য কৰা হ'ব, আৰু এই প্ৰক্ৰিয়া গুগল মিট যোগে অনুষ্ঠিত কৰা হ'ব।

• ADVERTISEMENT (No. MZU/2-4/12/ GF/Mgt/ Dated 12th August, 2021) যোগে আবেদন দাখিল কৰা প্ৰাৰ্থী সকলে পুনৰ বাৰ আবেদন দাখিল কৰাৰ কোনো প্ৰয়োজন নাই।

Next Story