এন.আই.টি. শিলচৰত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
এন.আই.টি. শিলচৰত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

ভাৰতৰ ৩১খন ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানৰ ভিতৰত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান শিলচৰ অন্যতম। এই অনুষ্ঠান আঞ্চলিক অভিযান্ত্ৰিক মাবিদ্যালয়, অসম হিচাপে ১৯৬৭চনত স্থাপিত কৰা হৈছিল। ২০০২চনত এই অনুষ্ঠানক ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানৰ স্তৰলৈ আপগ্ৰেড কৰা হয় আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানৰ অধিনিয়ম ২০০৭r4 অধীনত ৰাজ্যৰ অন্যতম অনুষ্ঠান হিচাপে গুচিত কৰা হয়।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত পদখালী :

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰত, উপযুক্ত প্ৰাৰ্থী সকলক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধীনত "Optimal Solution Evaluation" নামৰ প্ৰকল্পৰ বাবে জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

জুনিয়ৰ ৰিচাৰ্ছ ফেল' (JRF)

খালী পদৰ সংখ্যা

০১টা

বয়স

উল্লেখিত নাই

দৰমহা

৩১,০০০/- টকা, মাহিলী প্ৰথম ২বছৰ JRF হিছাপে আৰু ৩৫,০০০/- টকা, মাহিলী তৃতীয় বছৰৰ বাবে চিনিয়ৰ ৰিচাৰ্চ ফেল্ল' (SRF) হিচাপে

নিযুক্তিৰ স্থান

 শিলচৰ, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ 

 ৩০/১১/২০২১

প্ৰকল্পৰ নাম

 Optimal Solution Evaluation

শিক্ষাগত অৰ্হতা : CSE/ IT বিভাগত BE/ BTech আৰু ME/ MTech. NET/ GATE উত্তীৰ্ণ।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থী সকলে সম্পূৰ্ণ কৈ পূৰণ কৰি, নিজৰ বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ সহ অনুপম বিশ্বাস, PI, CSE বিভাগলৈ ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।

ইমেইল : anupam@cse.nits.ac.in মেইলৰ বিষয়ত "Application for the post of JRF under the SERB project" বুলি উল্লেখ কৰিব লাগিব।

ঠিকনা : ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰ, অসম ৭৮৮১০১ (ভাৰত)

বাছনি প্ৰক্ৰিয়া :

# বাছনি প্ৰক্ৰিয়া সাক্ষাৎকাৰৰ ওপৰত নিৰ্ধাৰিত।

# সাক্ষাৎকাৰ ১০ ডিচেম্বৰ ২০২১ তাৰিখে পুৱা ১০:৩০বজাৰ পৰা CSE বিভাগ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান শিলচৰত অনুষ্ঠিত হ'ব।

# মহামাৰীৰ বাবে চৰকাৰী নিয়মাৱলী অনুসৰি কোনোবা ধৰণৰ সমস্যা আহি পালে সাক্ষাৎকাৰ অনলাইন যোগে অনুষ্ঠিত কৰা হ'ব। যাৰ বিষয়ে প্ৰাৰ্থী সকলক আগেয়ে অৱগত কৰোৱা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com