Begin typing your search above and press return to search.

অসমৰ ফৰেণছিক বিজ্ঞান সঞ্চালকালয়ত পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

অসমৰ ফৰেণছিক বিজ্ঞান সঞ্চালকালয়ত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Oct 2021 11:28 AM GMT

ফৰেণছিক বিজ্ঞানৰ বিষয়েঃ ফৰেণচিক বিজ্ঞান বা ক্ৰিমিনেটিজ হৈছে অপৰাধ আৰু অসামৰিক আইন বলবতত বিজ্ঞানৰ প্ৰয়োগ। অপৰাধৰ তদন্তৰ সময়ত ফৰেণচিক বিজ্ঞান ব্যৱহাৰ কৰা হয়। অপৰাধৰ সাক্ষ্ঃপ্ৰমাণ আদি সংগ্ৰহত ফৰেণচিক বিজ্ঞান ব্যৱহাৰ কৰা হয়। ফৰেণচিক বিজ্ঞানীয়ে অপৰাধস্থলীৰ পৰা বৈজ্ঞানিক সাক্ষ্য সংগ্ৰহ কৰি বিশ্লেষণ, সংগ্ৰহ আদি কৰে। এইক্ষেত্ৰত পৰীক্ষাগাৰৰ ভূমিকা আছে। ব্যক্তিগত প্ৰতিষ্ঠান, শৈক্ষিক ক্ষেত্ৰ, চৰকাৰী বিভাগ আদিতো ফৰেণচিক বিজ্ঞানী নিযুক্তি দিয়া হয়।



অসমৰ ফৰেণচিক ছায়েন্স সঞ্চালকালয়ে ৩৬ টা পদত বৈজ্ঞানিক সহকাৰী আৰু ৪ টা পদত কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চাকৰি

বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

বৈজ্ঞানিক সহকাৰী আৰু কনিষ্ঠ সহায়ক।

খালী পদ

বৈজ্ঞানিক সহকাৰীঃ ৩৬ টা আৰু কনিষ্ঠ সহায়কঃ ৪টা।



বয়সৰ সীমা

০১-০১-২০২১ত ২১ ৰ পৰা ৪০ বছৰ। অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

দৰমহা


নিযুক্তি

অসমত

অনলাইন আবেদনৰ অন্তিম তাৰিখ

২৯-১০- ২০২১ ।

শিক্ষাগত অৰ্হতাঃ বৈজ্ঞানিক সহকাৰী পদৰ বাবে ৰসায়ন বিজ্ঞানৰ বি এছ চি (কেটেগৰী -১), উদ্ভিদ বিজ্ঞানy/ প্ৰাণী বিজ্ঞান/ নৃতত্ব (কায়িক)ৰ বি এছ চি (কেটেগৰী-২) আৰু পদাৰ্থ বিজ্ঞান y/ ইলেক্ট্ৰনিকছ/ ইনষ্ট্ৰুমেণ্টেচন (কেটেগৰী-৩)-ৰ বি এছ চি।

কনিষ্ঠ সহায়ক পদৰ বাবে প্ৰাৰ্থী যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব।


আবেদনৰ নিয়মঃ অসম ৰাজপত্ৰত প্ৰকাশ পোৱা ষ্টেণ্ডাৰ্ড ফ'ৰ্মযোগে আবেদন পত্ৰ নিম্নোক্ত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

Director,

Directorate of Forensic Science, Assam,

Kahilipara, Guwahati — 781018.

আবেদনৰ লগত নথি-পত্ৰৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপি, শেহতীয়াকৈ তোলা ফটো, শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণ পত্ৰৰ প্ৰতিলিপি আদি গাঁথি দিব লাগিব। তদুপৰি নিজৰ নাম-ঠিকনা লিখা এটা লেফাফা (27cm x 13cm approx.) গাঁথি দিব লাগিব। লেফাফাত ৫ টকা (পাঁচ টকা)-ৰ ডাক টিকট লগাব লাগিব। এই লেফাফাত প্ৰাৰ্থীয়ে নিজৰ ঠিকনাৰ পিন উল্লেখ কৰি লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি