বন বিভাগ অসম নিযুক্তি ২০২২ - ফৰেষ্ট ৰেঞ্জাৰৰ পদ খালী

বন বিভাগ অসমত ফৰেষ্ট ৰেঞ্জাৰৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
বন বিভাগ অসম নিযুক্তি ২০২২ - ফৰেষ্ট ৰেঞ্জাৰৰ পদ খালী
Published on

বন বিভাগ অসম :

পৰিবেশ আৰু বন বিভাগে সৰ্বোত্তম প্ৰচেষ্টা হৈছে অসমৰ বনাঞ্চলৰ কিছু জটিল দৃশ্য সমূহৰ শুধৰণি কৰা। আৰু এই ক্ষেত্ৰত অতিকৈ সফলতা অৰ্জন কৰা হৈছে বন্যপ্ৰাণী সমূহৰ ক্ষেত্ৰত। ইয়াৰ প্ৰমুখ উদাহৰণ হৈছে এশিঙিয়া গঁড়। প্ৰায় বিলুপ্তিৰ সীমান্তত থকা এই প্ৰাণী বিধক বৈজ্ঞানিক প্ৰক্ৰিয়াৰে পুনৰ এবাৰ সংৰক্ষণ কৰা হৈছে।

এই বিভাগৰ মূল উদ্দেশ্য হৈছে, পৰিবেশৰ সংৰক্ষণ আৰু উন্নয়ন, বন্যপ্ৰাণীৰ সংৰক্ষণ, প্ৰাকৃতিক পৰিৱেশৰ উন্নয়ন, চহকী ঐতিহ্য আৰু জীৱিত প্ৰাণী সমূহৰ বাবে সংৰক্ষণ প্ৰদান কৰা।

বন বিভাগত পদ খালী :

বন বিভাগ অসমত শেহতীয়া ভাৱে ফৰেষ্ট ৰেঞ্জাৰৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ 

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ফৰেষ্ট ৰেঞ্জাৰ

খালী পদ

৫০ 

বয়স

২১ - ৩৮বছৰ, ০১/০১/২০২১ৰ মতে

বয়সৰ ৰেহাই : SC/ ST(P)/ ST(H) : ০৫ বছৰ

OBC/ MOBC : ০৩বছৰ 

দৰমহা

 PB ৩, ২২,০০০ - ৯৭,০০০/- টকা, প্ৰতি মাহে আৰু  GP ১০,৩০০/- টকা, প্ৰতি মাহে 

আৱেদন মাছুল

জেনেৰেল/ EWS : ২৮৫.৪০টকা

SC/ ST/ OBC/ MOBC : ১৮৫.৪০টকা

BPL : ৩৫.৪০টকা 

শিক্ষাগত অৰ্হতা :

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা তলত উল্লেখিত কোনো বিজ্ঞান বা অভিযান্ত্ৰিক বিষয়ত স্নাতক উত্তীৰ্ণ :

• কৃষি

• উদ্ভিদবিদ্যা

• ৰসায়ন বিজ্ঞান

• কম্পিউটাৰ এপ্লিকেচন/ কম্পিউটাৰ বিজ্ঞান

• অভিযান্ত্ৰিক (কৃষি/ ৰসায়ন/ চিভিল/ কম্পিউটাৰ/ ইলেকট্ৰিকেল/ ইলেকট্ৰনিক্স/ মেকানিকেল)

• পৰিবেশ বিজ্ঞান

• ফৰেষ্ট্ৰী

• উদ্যানশস্য

• ভূ- বিজ্ঞান

• গণিত

• পদাৰ্থ বিজ্ঞান

• গাণনিক

• পশু চিকিৎসা

• পশু বিজ্ঞান

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে অসম লোক সেৱা আয়োগৰ অফিচিয়েল ৱেবচাইট পৰিদৰ্শন কৰি APSC CCE পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com