ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণত অধ্যক্ষৰ পদ খালী

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণত অধ্যক্ষৰ পদ খালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ (এফএছএছএআই) অধ্যক্ষ পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। 

পদৰ নাম -অধ্যক্ষ ।

বয়সৰ সীমা -৬৫ বছৰ ।

দৰমহা -২,২৫,০০০/- টকা (মাহিলী) ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৫/০৯/২০২১ ।

নিযুক্তিৰ স্থান -নতুন দিল্লী ।

আবেদন প্ৰক্ৰিয়া- অফলাইন ।

ৱেবচাইট-fssai.gov.in

শিক্ষাগত অৰ্হতা- আবেদনকাৰীসকল খাদ্য বিজ্ঞানৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তি হ'ব লাগিব বা প্ৰশাসনৰ ব্যক্তি হ'ব লাগিব যিসকল বিষয়টোৰ সৈতে সম্পৰ্কিত, ভাৰত চৰকাৰৰ সচিব পদবীৰ তলত নাই বা পদত অধিষ্ঠিত হৈছে। কেন্দ্ৰীয়/ ৰাজ্যিক নিয়ামক সংস্থাৰ সৈতে সম্পৰ্কিত প্ৰাসঙ্গিক কামৰ অভিজ্ঞতা এই পদৰ বাবে এক আকাংক্ষিত অৰ্হতা হ'ব।

আবেদন প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ নিৰ্ধাৰিত আবেদনপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰ ভাৰত চৰকাৰৰ অবৰ চেক্ৰেটেৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (কোঠা নং ৫০৪-ডি), নিৰ্মাণ ভৱন, মৌলানা আজাদ ৰোড নতুন দিল্লী-১১০০১১ লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া-বাছনি প্ৰক্ৰিয়াটো সাক্ষাৎকাৰ/কামৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত হ'ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com