গুৱাহাটী উচ্চ ন্যায়ালয়ত গৱেষণা সহযোগীৰ প্ৰয়োজন

গুৱাহাটী উচ্চ ন্যায়ালয়ে গৱেষণা সহযোগী নিয়োগৰ বাবে আবেদন বিচাৰিছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ত গৱেষণা সহযোগীৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ৪টা।

এই নিয়োগ উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানত হ'ব। নিয়োজিত কৰিবলগীয়া প্ৰকল্পৰ নামঃ উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত আইন। এই নিয়োগ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনত হ'ব।

দৰমহাঃ মাহিলীঃ ২৫হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীকহে সাক্ষাত্কাৰলৈ মতা হ'ব। সাক্ষাতকাৰত অৱতীৰ্ণ হওঁতে প্ৰাৰ্থীক কোনো টি এ আৰু ডি এ প্ৰদান কৰা নহ'ব।

আবেদনঃ বিশদ বায়োডাটাসহ আবেদন lawresearch.ghc@gmail.comলৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০ জুলাই, ২০২০।

নিযুক্তি সম্পূৰ্ণৰূপে অস্থায়ী ভিত্তিক ৬ মাহৰ বাবে হ'ব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com