গুৱাহাটী বিশ্ববিদ্যালয়ত অনুবাদ সহকাৰীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
গুৱাহাটী বিশ্ববিদ্যালয়ত অনুবাদ সহকাৰীৰ পদখালী
Published on: 

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুবাদ সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : অনুবাদ সহকাৰী।

খালী পদৰ সংখ্যা : ০১ ।

বয়স : বয়সৰ কোনো সীমাবদ্ধতা নাই।

দৰমহা : ৮,০০০টকা, (মাহিলী)

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৮/১০/২০২১

অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়/ আপেক্ষিক ভাৰতীয় সাহিত্য বিষয়ত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

• প্ৰাচীন তামিল সাহিত্যিক অসমীয়া ভাষালৈ অনুবাদ কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

তামিল ভাষা শৈলীত নিপুণ হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ উল্লেখিত ব্যক্তি লৈ প্ৰেৰণ কৰিব লাগিব।

ডক্টৰ বি. বিজয়াকুমাৰ, সহকাৰী অধ্যাপক, MIL আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী - ৭৮১০১৪, অসম।

মেইল - vijaykumar@gauhati.ac.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com