Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্য চিকিত্সা বিষয়া-নিৰাপত্তা বিষয়া নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ে মুখ্য চিকিত্সা বিষয়া আৰু নিৰাপত্তা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্য চিকিত্সা বিষয়া-নিৰাপত্তা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2022 9:36 AM GMT

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে :


গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান আৰু ছাত্ৰ-ছাত্ৰীৰ সপোনৰ উচ্চ শিক্ষানুষ্ঠান। গুৱাহটী বিশ্ববিদ্যালয়ে একেৰাহে ছবছৰৰ বাবে এক শীৰ্ষ স্থানৰ প্ৰতিষ্ঠান হৈ আছে । (এন.আই.আৰ.এফ. ৰেংকিং অনুসৰি সকলো প্ৰতিষ্ঠানৰ শীৰ্ষ ১.১২%-ৰ ভিতৰত ৰখা হৈছে) আৰু ই হৈছে নাকৰ এ-গ্ৰেড প্ৰাপ্ত প্ৰতিষ্ঠান। শেহতীয়া এন.আই.আৰ.এফ. ২০২১ ৰেংকিঙত, আমি বিশ্ববিদ্যালয়খনৰ সকলো বিশ্ববিদ্যালয়ৰ ওপৰত শীৰ্ষ স্থানত আছোঁ, বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰ অঞ্চলৰ জালুকবাৰীত আছে।

চৌহদটোৰ দক্ষিণ ফালে এটা পাহাৰ আছে আৰু উত্তৰ ফালে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। চৌহদৰ এলেকাটো এটা সৰু নগৰলৈ বিকশিত কৰা হৈছে, যাক এতিয়া 'গোপীনাথ বৰদলৈ নগৰ' বুলি জনা যায়। বিশ্ববিদ্যালয় পৰিয়ালৰ সদস্যৰ সংখ্যা প্ৰায় ৬,০০০, যাৰ ভিতৰত ৩৭০০ জন শিক্ষাৰ্থীয়ে হোষ্টেলত বাস কৰে।

শিক্ষক, বিষয়া আৰু কৰ্মচাৰীৰ আৱাসিক কোৱাৰ্টাৰবোৰৰ উপৰি শিক্ষাৰ্থীসকলৰ বাবে ২২টা বাসগৃহ আছে। স্বাস্থ্য সেৱা, পানী যোগান, পথৰ পোহৰ, আভ্যন্তৰীণ পথ, গেষ্ট হাউচ, ডাক আৰু টেলিগ্ৰাফ কাৰ্যালয়, ভাৰতীয় ষ্টেট বেংকৰ এটা শাখা, ইউনাইটেড বেংক অফ ইণ্ডিয়া, কেণ্টিন, এখন বজাৰ, পাৰ্ক, খেলপথাৰ, প্ৰেক্ষাগৃহ, ইনড'ৰ ষ্টেডিয়াম আদিৰ দৰে প্ৰয়োজনীয় নাগৰিক সুবিধাসমূহ চৌহদত আছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি-২০২২ঃ

গুৱাহাটী বিশ্ববিদ্যালয়ে মুখ্য চিকিত্সা বিষয়া আৰু নিৰাপত্তা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদৰ নাম

মুখ্য চিকিত্সা বিষয়া, নিৰাপত্তা বিষয়া।

খালী পদ

০২টা। এটা মুখ্য চিকিত্সা বিষয়াৰ আৰু আনটো নিৰাপত্তা বিষয়াৰ।

দৰমহা

মুখ্য চিকিত্সা বিষয়াৰ ক্ষেত্ৰত মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১,১০,০০০ টকা। লগতে ১৬,৯০০ টকাৰ গ্ৰেড পে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি অন্যান্য ভাট্টা।

নিৰাপত্তা বিষয়াৰ ক্ষেত্ৰত দৰমহা মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১,১০,০০০ টকা। লগতে ১২,৭০০ টকাৰ গ্ৰেড পে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি অন্যান্য ভাট্টা।

বয়সৰ সীমা

মুখ্য চিকিত্সা বিষয়াৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ শেষ তাৰিখত ৪০ বছৰতকৈ কম আৰু ৫৫ বছৰতকৈ অধিক হব নালাগিব। নিৰাপত্তা বিষয়াৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ শেষ তাৰিখত ৪৫ বছৰতকৈ অধিক হব নালাগিব।

আবেদনৰ মাচুল

১,০০০টকা। এছ চি/এছ টিৰ ক্ষেত্ৰত ৫০০ টকা।

আবেদনৰ অন্তিম তাৰিখ

০১-০২-২০২২।

নিযুক্তিৰ স্থান

গুৱাহাটী।

চাকৰিৰ প্ৰকৃতি

স্থায়ী।

ৱেবছাইট

-

শিক্ষাগত অৰ্হতাঃ

মুখ্য চিকিত্সা বিষয়াৰ ক্ষেত্ৰত প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰীধাৰী। তদুপৰি হাস্পতাল l অভিজ্ঞতাঃ স্বাস্থ্য কেন্দ্ৰত কাম কৰাৰ ১৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। জেনেৰেল মেডিচিন বা একেধৰণৰ বিষয়ত এম ডি অথবা সম-পৰ্যায়ৰ ডিগ্ৰী বিচৰা হব পাৰে।

নিৰাপত্তা বিষয়াৰ ক্ষেত্ৰত প্ৰাৰ্থী ন্যূনতম ৫০ শতাংশ নম্বৰসহ প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হব লাগিব। অথবা ইউ জি চিৰ ৭ পইণ্ট স্কেলত বি-গ্ৰেড থকা হব লাগিব। তদুপৰি প্ৰাৰ্থীৰ শৈক্ষিক পাৰদৰ্শিতা উন্নত হব লাগিব।

অভিজ্ঞতাঃ নিৰাপত্তা বিষয়াৰ প্ৰাৰ্থী শ্বৰ্ট ছাৰ্ভিচ কমিছনড বিষয়া হব লাগিব। অথবা সামৰিক সেৱাত ৫ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব। এনেধৰণৰ অভিজ্ঞতা থাকিব লাগিব।



আৰু চাব পাৰে:এ এম টি আৰ অ' এন নিযুক্তি ২০২২ : মুখ্য বিত্তীয় বিষয়াৰ খালী পদ


Next Story
চাকৰি